অসম

assam

By

Published : May 27, 2019, 4:04 PM IST

ETV Bharat / state

বাসুগাঁও কাণ্ড:চিৰাঙত আছুৰ অৱস্থান ধৰ্মঘট

শ্বহীদ বেদীত ক'লা ৰং সনা দোষীক কৰায়ত্ত কৰাৰ দাবীৰে চিৰাঙত আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

চিৰাঙত আছুৰ অৱস্থান ধৰ্মঘট

চিৰাং, 27 মে': চিৰাঙৰ সদৰ কাজলগাঁৱত চিৰাং জিলা আছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্যালয়ৰ নাম ফলক আৰু শ্বহীদ বেদীত ক'লা ৰং সনা দোষীক কৰায়ত্ত কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ চিৰাং জিলা আছুৰ ৷ সোমবাৰে দিনৰ ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ ৰূপায়ণ কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ ইপিনে জিলাখনৰ প্ৰতিটো আঞ্চলিক কাৰ্যালয় প্ৰাংগণতে মঙলবাৰে দহ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব জিলাখনৰ আছুৱে ৷ ইয়াৰ পাচতো জিলা প্ৰশাসনে অতিশীঘ্ৰে দোষীক কৰায়ত্ত নকৰিলে কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ চিৰাং জিলা আছুৰ ৷ ইয়াৰ পূৰ্বেও ২১ মে'ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আছুৱে ৷

চিৰাঙত আছুৰ অৱস্থান ধৰ্মঘট

উল্লেখ্য যে,১২ মে তাৰিখে নিশা বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্যালয়ৰ নাম ফলক আৰু শ্বহীদ বেদীত ক'লা ৰং সানিছিল কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে ৷ এই ঘটনাই 15 দিন অতিক্ৰম কৰাৰ পাচতো চিৰাং জিলা প্ৰশাসনে দোষীক কৰায়ত্ত কৰিবলৈ অসমৰ্থ হোৱাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে ৷

ABOUT THE AUTHOR

...view details