অসম

assam

ETV Bharat / state

চিৰাঙত আছুৰ মানৱ শৃংখল কাৰ্যসূচী - চৰকাৰৰ গাদী গখল

নাগৰিকত্ব সংশোধনী আইন আৰু EIA-2020 বাতিলৰ দাবীত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ সহযোগত আৰু পানবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৷

আছুৰ মানৱ শৃঙ্খল
আছুৰ মানৱ শৃঙ্খল

By

Published : Sep 24, 2020, 11:10 AM IST

চিৰাং, 24 ছেপ্তেম্বৰ : চিৰাঙৰ পানবাৰীত আছুৰ মানৱ শৃংখল কাৰ্যসূচী । নাগৰিকত্ব সংশোধনী আইন আৰু EIA-2020 বাতিলৰ দাবীত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ সহযোগত আৰু পানবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন হয় এই কাৰ্যসূচী ।

চিৰাঙত আছুৰ মানৱ শৃংখল কাৰ্যসূচী

বুধবাৰে বাৰে দিনৰ ১১ বজাৰ পৰা এই মানৱ শৃংখল কাৰ্যসূচী আৰম্ভ কৰে ছাত্ৰ সন্থাই । এই কাৰ্যসূচীত উপস্থিত হৈ চিৰাং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপম দাসে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । ইপিনে পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ দখল কৰা বিজেপিয়ে জনসাধাৰণৰ বিৰুদ্ধে বিভিন্ন কাৰ্যত নামি পৰা পৰিলক্ষিত হৈছে ।

চিৰাঙত আছুৰ মানৱ শৃংখল কাৰ্যসূচী

এনে ক্ষেত্ৰত জনসাধাৰণে বিজেপি নেতৃত্বাধীন চৰকাৰৰ সকলো জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ লগতে আগন্তক দিনত চৰকাৰ ওফোৰাই পেলোৱাৰ বাহিৰে কোনো গত্যান্তৰ নাই বুলিও প্ৰকাশ কৰে ছাত্ৰ নেতাজনে । উল্লেখ্য যে, বিদেশী বহিষ্কাৰৰ শ্লোগানেৰে চৰকাৰৰ গাদী দখল কৰিয়ে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিদেশীক নাগৰিকত্ব দিয়াহে পৰিলক্ষিত হল বুলিও কয় জিলা ছাত্ৰ সন্থাৰ সভাপতিজনে ।

লগতে এই কাৰ্যসূচীত পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা(EIA)২০২০ৰ বাতিলৰ দাবী জনায় সন্থাটোৱে । ইয়াৰোপৰি নাগৰিকত্ব সংশোধনী আইন আৰু EIA বাতিলৰ দাবীত ধাৰাবাহিক ভাৱে আন্দোলন কাৰ্যসূচী চলাই নিয়াৰ হুংকাৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক :কাকপথাৰত ব্ৰাউন চুগাৰ সহ আটক দুই যুৱক

ABOUT THE AUTHOR

...view details