চিৰাং, 25 জানুৱাৰীঃকেন্দ্ৰ চৰকাৰে বড়ো শান্তি চুক্তি সম্পন্ন কৰি বিটিচিক কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত কৰা বিষয়ক লৈ এক সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷
চিৰাঙত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সংবাদমেল - সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা
সংবাদমেলত চৰকাৰক একপক্ষীয় সিন্ধান্ত নলৈ বিটিচিত বসবাস কৰা অবড়ো লোকৰ অধিকাৰৰ বিষয়ে আলোচনা কৰি, সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায় সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷
![চিৰাঙত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সংবাদমেল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5842748-1088-5842748-1579971808540.jpg)
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদমেল
সংবাদমেলযোগে তেওঁ কয়, আমছুয়ে বড়ো সমস্যাৰ সমাধান তথা বিটিচিত শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰে ৷ কিন্তু চৰকাৰক একপক্ষীয় সিন্ধান্ত নলৈ বিটিচিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অবড়ো লোকৰ অধিকাৰৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
চিৰাঙত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সংবাদমেল
লগতে পঢ়ক ঃ বিটিচি চুক্তিকলৈ সাংসদ নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়া