অসম

assam

By

Published : Aug 24, 2020, 6:25 PM IST

ETV Bharat / state

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ দাবীৰে আমছুৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

অসমৰ বিভিন্ন দল সংগঠনে দীৰ্ঘ দিনৰ পৰাই অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ দাবীত বিভিন্ন সময়ত আন্দোলন কৰি আছিল। কিন্তু এই দীৰ্ঘ দিনেই কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰদান নকৰিলে ।

chirang-aamsu-letter-to-pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ দাবী আমছুৰ, প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

চিৰাং, 24 আগষ্ট: সদৌ অসম সংখ‍্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত সোমবাৰে চিৰাং আমছুৰ অন্তৰ্গত ৮ টা আঞ্চলিক সমিতি আৰু জিলা সমিতিয়ে পৃথকে-পৃথকে অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ দাবীত দ্ৰুত ডাক সেৱাৰ দ্বাৰা প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে । চিৰাং জিলাৰ ঢালিগাঁও ঢাকঘৰৰ পৰা সোমবাৰে এইদৰেই চিৰাং জিলা আমছুয়ে প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে ।

অসমৰ বিভিন্ন দল সংগঠনে দীৰ্ঘ দিনৰ পৰাই অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ দাবীত বিভিন্ন সময়ত আন্দোলন কৰি আছিল । কিন্ত এই দীৰ্ঘ দিনেই কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান নকৰিলে । প্ৰতি বছৰেই বানপানী, গৰাখহনীয়াত লাখ-লাখ লোকে গৃহহীন হোৱাৰ লগতে বহু লোকৰ মৃত‍্যু হৈছে । ৰাষ্ট্ৰীয় উদ‍্যান কাজিৰঙা মানাহকে ধৰি বহু কেইখন উদ‍্যানৰ আপুৰুগীয়া প্ৰাণীৰ মৃত‍্যু হৈছে । এই সময়ত আমছুয়ে এইদৰেই পত্ৰযোগে প্ৰধান মন্ত্ৰীৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক : প্ৰথমে আগিয়া ছোফিয়া, এইবাৰ গীৰ্জাঘৰ; বিশ্ব সংস্কৃতিৰ প্ৰতি ভাবুকি তুৰ্কীৰ ৰাষ্ট্ৰপতি

আমছুৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

ABOUT THE AUTHOR

...view details