অসম

assam

ETV Bharat / state

চিৰাঙত আমছুৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান - Etv Bharat

চিৰাঙত আমছুৰ উদ্যোগত এ বি এম এচ ইউৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান । লাফিকুলৰ হত্যাকাৰীক উপযুক্ত শাস্তিৰ দাবীত সংগঠিত আন্দোলনৰ পোষকতা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ৷

চিৰাঙত আমছুৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

By

Published : Aug 2, 2019, 3:09 AM IST

Updated : Aug 2, 2019, 3:51 AM IST

চিৰাং, 2 আগষ্ট : লাফিকুলক হত্যাৰ দুবছৰ পাৰ হোৱাৰ পাছতো ন্যায় নাপালে লাফিকুলৰ পৰিয়ালে । লাফিকুল আহমেদক চৰকাৰীভাৱে হত্যা কৰা হৈছে। এই অভিযোগ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ । বৃহস্পতিবাৰে চিৰাং জিলাৰ হাতীপোতাত আমছুৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এখন শ্ৰদ্ধাঞ্জলি তথা প্ৰাৰ্থনা সভাৰ । প্ৰয়াত ছাত্ৰ নেতা শ্বহীদ লাফিকুল ইছলাম আহমেদৰ আত্মা শান্তিৰ লগতে লাফিকুলৰ হত্যাৰ ন্যায় বিচাৰি প্ৰাৰ্থনা সভাত জনমত গঠনৰ লক্ষ্য স্থিৰ কৰে আমছুৱে ।

চিৰাঙত আমছুৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ স্পষ্ট মত লাফিকুলক চৰকাৰী ভাৱে হত্যা কৰা হৈছে ৷ আমছুৰ সভাপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে ২০১৭ চনৰ ১ আগষ্টত কোকৰাঝাৰৰ মাজমজিয়াত দিন দুপৰতে দুৰ্বৃত্তই ছাত্ৰ নেতাজনক গুলিয়াই হত্যা কৰাৰ পাছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটোৱে চৰকাৰৰ আচল স্বৰূপ উদঙাই দিছে । তেওঁ লগতে কয় যে, অসমৰ মুখ্যমন্ত্ৰী নিজেই প্ৰথমে এচ আই টিক আৰু পিচত চি আই ডিক তদন্ত দায়িত্ব দিয়ে ৷ কিন্ত যোৱা দুটা বছৰে চৰকাৰৰ বিয়াগোম তদন্তকাৰী বিভাগসমূহ বিফল হয় লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ব কৰাত ৷

আমছুৰ কেন্দ্ৰীয় সমিতিয়ে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ পাছত লাফিকুল ইছলামৰ হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবীত চিৰাং জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Last Updated : Aug 2, 2019, 3:51 AM IST

ABOUT THE AUTHOR

...view details