অসম

assam

ETV Bharat / state

বিজনী মহাবিদ্যালয়ত সম্পূৰ্ণৰূপে নামভৰ্তিৰ সুবিধা প্ৰদানৰ দাবী আমছুৰ - এবিএমছু

বিজনী মহাবিদ্যালয়ত(Bijni College) হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC) উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তি কৰাৰ সুবিধা প্ৰদানৰ আহ্বান আমছু(AAMSU) আৰু এবিএমছু(ABMSU)ৰ ৷ এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰেৰণ কৰে দুয়োটা ছাত্ৰ সংগঠনৰ নেতাই ৷

chirang-aamsu-abmsu-send-memorandum-to-the-principal-of-bijni-college
বিজনী মহাবিদ্যালয়ত সম্পূৰ্ণৰূপে নামভৰ্তিৰ সুবিধা প্ৰদানৰ দাবী

By

Published : Sep 10, 2021, 9:12 AM IST

চিৰাং, 10 ছেপ্তেম্বৰ : হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC) উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা(AAMSU) আৰু সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই(ABMSU) ৷ এই দাবীৰে বৃহস্পতিবাৰে বিজনী মহাবিদ্যালয়ৰ(Bijni College) অধ্যক্ষক স্মাৰক পত্ৰ প্ৰেৰণ কৰে দুয়োটা ছাত্ৰ সংগঠনৰ চিৰাং জিলা সমিতিয়ে ৷

আমছুৰ শিক্ষা সম্পাদক আবুল কালাম আজাদ, বিজনী জিলা সভাপতি ৰছুল খান, সাধাৰণ সম্পাদক জাহেদ আলী আৰু শিক্ষা সম্পাদক আকতাৰ হুছেইনে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষক সাক্ষাৎ কৰে ৷ অধ্যক্ষগৰাকীক সাক্ষাৎ কৰি মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান জনায় ৷

বিজনী মহাবিদ্যালয়ত সম্পূৰ্ণৰূপে নামভৰ্তিৰ সুবিধা প্ৰদানৰ দাবী

আমছুৰ শিক্ষা সম্পাদক আবুল কালামে দাবী জনাই কয় যে, মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উন্নীতকৰণ কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰাৰ যি ঘোষণা কৰিছে, সেয়া শীঘ্ৰেই কাৰ্যকৰী কৰিব লাগে ৷ লগতে নামভৰ্তিৰ পৰা বঞ্চিত হোৱা ছাত্ৰ-ছাত্ৰীসকলক ন্যায় প্ৰদান কৰিব লাগে ৷

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে নামভৰ্তিৰ বাবে DARPAN ৱেব চাইটৰ জৰিয়তে মেধাৰ ভিত্তিত প্ৰস্থত কৰিছে এখন তালিকা ৷ এই তালিকা অনুসৰি এখন মহাবিদ্যালয়ত মাত্ৰ 300 গৰাকী শিক্ষাৰ্থীয়েহে নামভৰ্তি কৰিব পাৰিব ৷

বিজনী মহাবিদ্যালয়ত সম্পূৰ্ণৰূপে নামভৰ্তিৰ সুবিধা প্ৰদানৰ দাবী

কিন্তু বিজনী মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিছে মুঠ 1611 গৰাকী শিক্ষাৰ্থীয়ে ৷ যাৰ ফলস্বৰূপে অঞ্চলটোৰ প্ৰায় 70শতাংশ ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । কিন্তু মহাবিদ্যালয়খনে প্ৰয়োজনীয় আন্তঃগাঁঠনি শ্ৰেণীকোঠা, ডেস্ক-বেঞ্চ আৰু শিক্ষকৰ অভাৱৰ বাবে অতিৰিক্ত ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব নোৱাৰে বুলিহে সদৰী কৰে ।

ইয়াৰ বিকল্প হিচাপে অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হিচাপে মহাবিদ্যালয়খনত অলপ কষ্ট হ’লেও অতিৰিক্ত বোজা ল’বলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায় আমছুৱে ৷ আমছুৰ এই আহ্বান সন্দৰ্ভত বিবেচনা কৰি যিমানদূৰ সম্ভৱ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰাব বুলি আশ্বাস প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষই ৷

লগতে পঢ়ক:আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে স্বাস্থ্যমন্ত্ৰীৰ বিশেষ বৈঠক

ABOUT THE AUTHOR

...view details