অসম

assam

ETV Bharat / state

দেওবাৰে বাসুগাঁওত অনুষ্ঠিত আক্ৰাছুৰ সংবাদমেল - বাসুগাঁও

দেওবাৰে বাসুগাঁওত অনুষ্ঠিত আক্ৰাছুৰ এখন সংবাদমেল অনুষ্ঠিত হয় ৷ সংবাদমেলখনত বৃহত্তৰ কমতাপুৰৰ পৰিৱৰ্তে অবিভক্ত গোৱালপাৰা জিলা আৰু ৰাভা-হাছঙক বি টি চি-ত অন্তৰ্ভূক্ত কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে সংগঠনটোৰ নেতাসকলে ৷

বাসুগাঁও
সাহিত্য সভা ভৱনত অনুষ্ঠিত সংবাদমেলখন

By

Published : Jan 12, 2020, 9:18 PM IST

চিৰাং,12 জানুৱাৰীঃ চিৰাং জিলাৰ বাসুগাঁও সাহিত্য সভা ভৱনত দেওবাৰে অনুষ্ঠিত হয় আক্ৰাছুৰ সংবাদমেল । সংবাদমেলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক লৈ অসন্তষ্টি প্ৰকাশ কৰে সংগঠনটোৱে ৷ বৃহত্তৰ কমতাপুৰৰ পৰিৱৰ্তে অবিভক্ত গোৱালপাৰা জিলা আৰু ৰাভা-হাছঙক বি টি চি-ত অন্তৰ্ভূক্ত কৰাৰ বাবে এই অসন্তুষ্টি প্ৰকাশ কৰে সংগঠনটোৰ নেতাসকলে ৷

আক্ৰাছুৰ আনটো গোটৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে সংবাদমেলত উপদেষ্টা হিতেশ্বৰ বৰ্মনৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰৰ বাবে মানহানিৰ গোচৰ তৰাৰ কথা প্ৰকাশ কৰে ৷ লগতে সভাপতি কৰ্মেশ্বৰ ৰায়ে, জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে একত্ৰিতভাৱে আন্দোলনৰ পোষকতা কৰে আৰু বিভাজন এৰাই চলিবলৈ আহ্বান জনায় । সংগঠনটোৰ যুটীয়া সম্পাদক জীৱেশ ৰায়ে, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সংবাদমেলৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী জনায় ৷

সাহিত্য সভা ভৱনত অনুষ্ঠিত সংবাদমেলখন

উল্লেখ্য যে, শেহতীয়াকৈ আক্ৰাছুৰ দুই গোটৰ মাজত শ্বহীদ দিৱস উদযাপনক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হোৱা দেখা গৈছে ৷

লগতে চাওকঃৰৌতা আৰক্ষীৰ জালত লক্ষাধিক মূল্যৰ সুৰাসহ দুজন যুৱক

ABOUT THE AUTHOR

...view details