চিৰাং, 1 এপ্ৰিলঃ বিগত তিনি মাহৰ পৰা সন্ধানহীন অৰুণাচললৈ কাম কৰিবলৈ যোৱা চিৰাঙৰ ৭ জন শ্ৰমিক । চিৰাঙৰ পৰা অৰুণাচললৈ ৯ জন শ্ৰমিক একেলগে কাম কৰিবলৈ যদিও তাৰ দুজন পলাই আহে ৷ কিন্তু বৰ্তমানেও অৰুণাচলত সন্ধানহীন হৈ আছে বাকী ৭ জনকৈ শ্ৰমিক ৷
অৰুণাচলত সন্ধানহীন চিৰাঙৰ ৭ গৰাকী শ্ৰমিক - চিৰাং
বিগত তিনি মাহে সন্ধানহীন অৰুণাচললৈ কাম কৰিব যোৱা ৭ জন শ্ৰমিক । চিৰাঙৰ পৰা মুঠ ৯ জন শ্ৰমিক কাম কৰিবলৈ গৈছিল যদিও তাৰ ২ জন শ্ৰমিক পলাই আহে । আনহাতে, কোনো ঠিকাদাৰে প্ৰৱঞ্চনাৰে শ্ৰমিক কেইজনক বিক্ৰি কৰা বুলি সন্দেহ কৰিছে শ্ৰমিক কেইজনৰ পৰিয়ালে ।

উল্লেখ্য যে, চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২নং আব্দাগুৰী গাঁৱৰ ৯ জন শ্ৰমিক কৰ্মসূত্ৰে ২৪ জানুৱাৰীত অৰুণাচললৈ গৈছিল। যোৱাৰ পিছৰে পৰা শ্ৰমিক কেইজনৰ পৰিয়ালৰ সৈতে কোনো যোগাযোগ হোৱা নাই। জানিব পৰা অনুসৰি, শ্ৰমিক কেইজনে ঘৰত আহিব খুজিলেই মৃত্যুৰ ভাবুকি দিয়ে কৰ্মৰত প্ৰতিষ্ঠানটোৱে । ৪২ দিন পিছত মুঠ 9 জন শ্ৰমিকৰ 2 জন শ্ৰমিক অৰুণাচলৰ পৰা পলাই আহে । শ্ৰমিক কেইজন পলাই অহা পাচতে এই শ্ৰমিক কেইজনৰ পৰিয়ালৰ লোকে পাণবাৰী থানাত ফেব্ৰুৱাৰী ২৫ তাৰিখত এজাহাৰ দাখিল কৰিছিল যদিও আজিলৈ কোনো ধৰণৰ সুং সূত্ৰ উলিয়াব পৰা নাই । আনহাতে, আৰক্ষীয়েও এই ক্ষেত্রত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে শ্ৰমিক কেইজনৰ পৰিয়ালে ।
অৰুণাচললৈ কামৰ সন্ধানত যোৱা ছানিদুল মণ্ডল, সাৰিফুল ইছলাম, সহিদুৰ ইছলাম, নুৰ হাফিদ,নবিৰ ৰহমান, ইনামুল হুছেইন আৰু জাকিৰ হুছেইন নামৰ এই সাত জন শ্ৰমিক বৰ্তমান পৰ্যন্ত অৰুণাচলত আৱদ্ধ হৈয়ে আছে ৷ অৰুণাচলত আৱদ্ধ হৈ থকা শ্ৰমিক কেইজনক উদ্ধাৰ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে তেওঁলোকৰ পৰিয়ালে ৷