চিৰাঙত গ্ৰেপ্তাৰ ড্ৰাগছসহ পাঁচজন ব্যৱসায়ী - মটৰ চাইকেল
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত গ্ৰেপ্তাৰ কৰা হয় পাঁচজন ড্ৰাগছ ব্যৱসায়ী । ব্যৱসায়ীকেইজনৰ পৰা জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ।
চিৰাং,১৯জুলাই : চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত দহলাপাৰাস্থিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত গ্ৰেপ্তাৰ কৰা হয় পাঁচজন ড্ৰাগছ ব্যৱসায়ীক । বৃহস্পতিবাৰে নিশা চিৰাং আৰক্ষীয়ে অভিযান চলায় ব্যৱসায়ীকেইজনৰ পৰা জব্দ কৰা হয় 30 গ্ৰাম ওজনৰ ড্ৰাগছৰ দুটা পেকেটৰ লগতে ১ পেকেট ড্ৰাগছ কঢ়িওৱা কন্টেইনাৰ, ৬টা মোবাইল ফোন, এখন খুকুৰী আৰু মটৰ চাইকেল, নিচাজাতীয় টেবলেট, চিৰিঞ্জ আৰু ১৫ হাজাৰ টকা । চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতীৰ নেতৃত্বত চলা এক অভিযানত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বড়াৰ সহযোগত গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ ব্যৱসায়ীকেইজনক । আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে মৈখম ব্ৰহ্ম, বিজু ব্ৰহ্ম , হিমৰাজ ব্ৰহ্ম,মিঠিংগা নাৰ্জাৰী আৰু তপন শীল । বৰ্তমান ব্যৱসায়ীকেইজনক বিজনী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।