চিৰাং,২৮ এপ্ৰিল:ৰাজ্যত কৰ'ণা সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱাৰ মাজতে চিৰাং জিলাত চাঞ্চল্যকৰ ঘটনা । কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন চাৰিজনকৈ ক'ভিড ৰোগীৰ । ঘটনাৰ পিছতে সমগ্ৰ জিলাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।
জানিব পৰা মতে বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰী বুলি পৰিচয় দি কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ক'ভিড পৰীক্ষা কৰিছিল ৷ তেতিয়াই তেওঁলোকৰ দেহত ধৰা পৰিছিল ভাইৰাছৰ অৱস্থিতি । ইয়াৰ পিছতে পলায়ন কৰে সেই চাৰিগৰাকীকৈ ৰোগীয়ে ।