চিৰাং,27 মে’:ৰাজ্যত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা ৷ কাল কৰ’ণাৰ ভয়াবহতাৰ জাৰি কৰা সান্ধ্য আইনৰ মাজতে চিৰাং আৰক্ষীৰ অভিযানত জব্দ হৈছে অবৈধভাৱে সৰবৰাহ কৰা 4খন কয়লা ভৰ্তি ট্ৰাক ৷ চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত কাশিকত্ৰাৰ 31 নং চি ৰাষ্ট্ৰীয় ঘাই পথত কয়লাৰ গাড়ীকেইখন জব্দ কৰা হয় ৷ পি বি ০১ এ এইচ ৯৯৩৭, পি বি ০৫এ বি ৯৭১৮, পি বি ১১ বি এ ৯৪২৫, ডব্লিউ বি ৩৯ বি ৬৭৩৮ নম্বৰৰ ট্ৰাক গাড়ী কেইখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।
চিৰাঙত জব্দ 4খন চোৰাং কয়লা ভৰ্তি ট্ৰাক - চিদলী থানা
চিৰাঙত আৰক্ষীৰ অভিযানত জব্দ চাৰিখনকৈ চোৰাং কয়লা ভৰ্তি ট্ৰাক । গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
জানিব পৰা মতে, ইয়াৰে দুখন গাড়ী সোণাপুৰৰ পৰা কয়লা ভৰ্তি কৰি হোজাইৰ লংকাৰ পৰা এখন আৰু দুধনৈৰ পৰা আন এখন গাড়ীত কয়লা ভৰ্তি কৰিছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, চিৰাঙৰ কাশিকত্ৰাত নিশা চিদলী আৰক্ষীয়ে ট্ৰাক কেইখন ৰাখিবলৈ নিৰ্দেশ দিছিল যদিও আৰক্ষীৰ বেৰিকেড ভাঙি পলাই যাবলৈ চেষ্টা কৰিছিল চোৰাংভাৱে কয়লা সৰবৰাহ কৰা ট্ৰাক কেইখনে ৷ কিন্তু চিৰাং আৰক্ষীৰ তৎপৰতাত জব্দ কৰিবলৈ সক্ষম হয় চোৰাংভাৱে কয়লা সৰবৰাহ কৰা ট্ৰাক কেইখন ৷ ইতিমধ্যে আৰক্ষীয়ে চিদলী থানাত এই সম্পৰ্কে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়ক:ডবকাৰ টোলগেটত উত্তপ্ত পৰিস্থিতি