অসম

assam

ETV Bharat / state

চিৰাঙত 36 খন চুৰি বাইকসহ 19 টা চোৰ আৰক্ষীৰ জালত - NLFB

চিৰাঙত অসম আৰক্ষীৰ (Assam Police) বিশেষ সঞ্চালক প্ৰধান এল আৰ বিষ্ণইৰ সংবাদমেল । চিৰাঙত ৩৬ খন চুৰি মটৰ চাইকেল উদ্ধাৰ ৷ ১৯ টা চোৰ আৰক্ষীৰ জালত ৷

চিৰাঙত 36 খন চুৰি বাইকসহ 19 টা চোৰ আৰক্ষীৰ জালত
চিৰাঙত 36 খন চুৰি বাইকসহ 19 টা চোৰ আৰক্ষীৰ জালত

By

Published : Jun 30, 2021, 2:28 PM IST

চিৰাং, 30 জুন : ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বধীন বিজেপি চৰকাৰখনে শপত গ্ৰহণ কৰিয়ে প্ৰশাসনত ব্যাপক ৰদ-বদল কৰিছিল ৷ তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চিৰাং জিলা আৰক্ষীয়েও অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ অভিযান কালত 36 খনকৈ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চিৰাং আৰক্ষীয় (Chirang Police) লগতে 19 টাকৈ বাইক চোৰক গ্ৰেপ্তাৰ কৰিছে ৷

চিৰাঙত 36 খন চুৰি বাইকসহ 19 টা চোৰ আৰক্ষীৰ জালত

চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদ মেলত বুধবাৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণইয়ে (L R Bishnai) এই কথা সদৰি কৰে ৷ এল আৰ বিষ্ণইয় (L R Bishnai) কয় যে, জিলা খনত দীৰ্ঘদিনৰ পৰা ড্ৰাগছ বিৰোধী অভিযান চলি আছে ৷ ইপিনে বাইক চুৰিৰ প্ৰসংগত তেওঁ কয়, বাইক চোৰৰ ক্ষেত্ৰত নতুনকৈ এপ বনোৱা হ’ব ৷ যাৰ জৰিয়তে বাইক চুৰি হোৱাৰ লগে লগে বাইকৰ নম্বৰ এপটোত ডাইল কৰাৰ লগে লগে আৰক্ষীয়ে তদন্ত কৰিব ৷ ভুক্তভোগী গৰাকী আৰক্ষী থানালৈ যোৱাৰ প্ৰয়োজন নাই ৷

চিৰাঙত 36 খন চুৰি বাইকসহ 19 টা চোৰ আৰক্ষীৰ জালত

একেদৰে উগ্ৰপন্থী সংগঠন এন এল এফ বি (NLFB)ৰ সন্দৰ্ভত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণইয়ে (L R Bishnai) কয় য়ে, মাত্ৰ কেইজনমান লোকক লৈ চলিছে এল এল এফ বি(NLFB) ।

চিৰাঙত 36 খন চুৰি বাইকসহ 19 টা চোৰ আৰক্ষীৰ জালত

দুটা ভাগত বিভক্ত সংগঠনটোৰ বাথা গোটৰ সৈতে ৪০-৪৬ গৰাকী আৰু বকোৰ সৈতে জড়িত হৈ আছে ২০-২৫ গৰাকী । অৱশ্যে সংগঠনটোত মুঠ কিমান সদস্য আছে সেই বিষয়ে অসম আৰক্ষীৰ হাতত কোনো বিশেষ তথ্য নাই বুলিও জনায় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জনে ।

লগতে পঢ়কঃ ক’ভিড আক্ৰান্তক চৰকাৰে এককালীন সাহাৰ্য দিব লাগে: এতোৱা মুণ্ডা

ABOUT THE AUTHOR

...view details