চিৰাং, 2 চেপ্টেম্বৰ: অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগ তথা বিভন্ন বেচৰকাৰী সংস্থাই শিশুসকলক শ্ৰমত নিয়োজিত কৰাৰ বিৰুদ্ধে বিভিন্ন সজাগতা কাৰ্যসূচীৰ আয়োজনৰ জৰিয়তে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশই শিশুক বিভিন্ন কৰ্ম ক্ষেত্ৰত নিয়োগ কৰা দেখিবলৈ পোৱা যায় ৷ শেহতীয়াকৈ, এনে এক ঘটনাই পোহৰলৈ আহিছে চিৰাং জিলাত ৷ চিৰাং জিলাত এক প্ৰকাৰে ধোৱাচাঙত উঠিছে শিশু সুৰক্ষা আইন ৷ ধান ভঙা মিলত আহত হৈছে এটি শিশু শ্ৰমিক (Child labour injured in rice mill) ৷
চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূৱ এংকৰবাৰীত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ জানিব পৰা মতে, এংকৰবাৰীৰ নিবাসী আজগৰ আলী নামৰ এজন ব্যক্তিৰ ধানৰ মিলত কামত নিয়োজিত হৈ আছিল শিশুটো ৷ কৰ্মৰত অৱস্থাত ধান ভঙা মেচিনত সোমাই গুৰুতৰভাৱে আহত হয় ১৪ বছৰীয়া শিশুটো ৷ আহত শিশুটো এংকৰবাৰীৰ কৰিম মণ্ডলৰ পুত্ৰ শাহিৰুল মণ্ডল বুলি জানিব পৰা গৈছে ৷