চিৰাং, 8 আগষ্ট : অসম-মেঘালয় সীমা বিবাদক (Assam-Mizoram Boder Conflict) লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য সচিব (Chief Secratary) জীষ্ণু বৰুৱাই (Jishnu Baruah) ৷ সীমা বিবাদ সন্দৰ্ভত বিষয়া গৰাকীয়ে কয় যে,"চুবুৰীয়া ৰাজ্যবোৰে ভাবে তেঁওলোকৰ সীমাবোৰ অসমৰ আৰু ভিতৰত হ'ব লাগিছিল ৷ কিন্তু অসমে এক ইঞ্চি মাটিও সংবিধানৰ গণ্ডীৰ বাহিৰত বিচৰা নাই ৷" লগতে যেতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে সীমা সলনি কৰি নিদিয়ে তেতিয়ালৈকে সংবিধান মতে অসমৰ সীমাত থকা মাটি আমি ৰক্ষা কৰিম বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্য সচিব গৰাকীয়ে ৷
আনহাতে, মিজোৰাম চৰকাৰৰ সৈতে আলোচনা হোৱাৰ পিছত এতিয়া মিজোৰামলৈ যান-বাহন চলাচল আৰম্ভ হৈছে বুলি জনায় ৰাজ্যৰ মুখ্য সচিব জীষ্ণু বৰুৱাই ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত জল জীৱন মিছন আৰু বহু কেইটা প্ৰকল্প বিষয়ে বুজ ল’বলৈ আহি এই মন্তব্য কৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷
অসম-মেঘালয় সীমা বিবাদক লৈ মুখ্য সচিব জীষ্ণু বৰুৱাৰ প্ৰতিক্ৰিয়া দেওবাৰে পুৱাৰ ভাগত চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্য সচিব জিষ্ণু বৰুৱা ৷
লগতে পঢ়কঃলাভলীনা বৰগোঁহাইৰ পিতৃ-মাতৃক গোলাঘাট জিলা প্ৰশাসনৰ সম্বৰ্ধনা
উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণ সূচীৰে শনিবাৰে সন্ধিয়া চিৰাং জিলাত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা ৷ চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সন্ধিয়া 7 বজাত উপস্থিত হয় বিষয়াগৰাকী ৷ ইয়াৰ পাছতে জিলাখনৰ সাম্প্ৰতিক ক'ভিড-19 পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে জিলাখনৰ জল জীৱন মিছন আৰু বান পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰে ৷
এই পৰ্যালোচনা সভাত চিৰাঙ জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈ আৰু বিভাগীয় বিষয়া সকল উপস্থিত থাকে ৷ বিভিন্ন বিষয়সমূহ পৰ্যালোচনা কৰি চিৰাং জিলাত কভিড-19 ৰ সংক্ৰমণৰ হাৰ কমি থকাৰ লগতে অক্সিজেন পৰ্যাপ্ত থকা বুলি উল্লেখ কৰে মুখ্য সচিব গৰাকীয়ে ৷
লগতে জিলাখনত এইবাৰ বানপানী হোৱা নাই যদিও বান প্ৰতিৰোধী বান্ধসমূহ মেৰামতি কৰি থকাৰ কথা উল্লেখ কৰে মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ দেওবাৰে দুপৰীয়া চুবুৰীয়া জিলা বঙাইগাঁও জিলা প্ৰশাসনৰ উন্নয়নমূলক আচঁনিৰ পৰ্যালোচনা কৰে মুখ্য সচিব গৰাকীয়ে ৷
লগতে পঢ়কঃবিজেপি চৰকাৰ সদায় দৰিদ্ৰ জনৰ লগত আছেঃ মন্ত্ৰী যোগেন মহন