অসম

assam

বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আনুষ্ঠানিকতাহে বাকী আছে : মুখ্যমন্ত্ৰী

By

Published : Dec 7, 2020, 10:21 PM IST

চিৰাঙত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে উপস্থিত মুখ্যমন্ত্ৰী ৷ উপস্থিত হৈ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

chief-minister-sarbananda-sonowal-was-present-in-chirang
বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আনুষ্ঠানিকতাহে বাকী আছে : মুখ্যমন্ত্ৰী

চিৰাং, 7 ডিচেম্বৰ : বিটিচিত বিজেপি চৰকাৰ গঠন কৰিবলৈ মাত্র আনুষ্ঠানিকতাহে বাকী আছে ৷ বিজেপিৰ পৰিবর্তনৰ ছুনামিত ভাহি যাব বিপিএফ ৷ দুর্নীতি, ভ্রষ্টাচাৰ নির্মূল কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম-মর্যাদা, সম অধিকাৰেৰে ন্যায় প্রতিষ্ঠা কৰি শান্তি, ঐক্য আৰু ভাতৃত্ববোধেৰে জাকত জিলিকা বিটিআৰ প্রতিষ্ঠা কৰা হ’ব ৷ এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ৷ চিৰাং জিলাত বিজেপিৰ প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ চলোৱাৰ সময়ত এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

চিৰাঙত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মুখ্যমন্ত্রী সোণোৱালে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত শূন্য সহনশীল নীতিৰে ৰাজ্যৰ শাসন ভাৰ হাতত লোৱা বিজেপিয়ে বিটিচিৰ পৰা দুর্নীতি নির্মূল কৰি বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমমর্যাদা, সম–অধিকাৰ আৰু ন্যায় প্রতিষ্ঠাৰ প্রতিশ্রুতি দিয়ে ৷ তেওঁ বিটিচিত বিপিএফৰ 15 বছৰীয়া শাসন কালত সংঘটিত অন্যায়, প্রতাৰণা আৰু শোষণৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ

আনহাতে, বিটিচিত বিজেপিৰ পৰিষদ গঠন হ'ব বুলি দাবী কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে, শান্তি, প্রগতি, সমন্বয় আৰু নিৰাপত্তা নিশ্চিত কৰাই বিজেপিৰ প্রধান লক্ষ্য ৷ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী লোকৰ মিলনভূমি অসমত সমন্বয় আৰু ভাতৃত্ববোধ জীয়াই ৰাখি প্রতিটো পৰিয়ালক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ বাবে স্থায়ী ব্যৱস্থা গ্রহণ কৰিব লাগিব ৷ সভাত মুখ্যমন্ত্রীয়ে বিজনীৰ 18 নং মানাস চেৰফাং সমষ্টিত 30 খন বিচনাযুক্ত চিকিৎসালয় স্থাপন, ডিগ্রী কলেজ স্থাপনৰ লগতে অঞ্চলটোত হাতী উপদ্ৰৱৰ বাবে বৈদ্যুতিক বেৰ নিৰ্মাণ কৰাৰ প্রতিশ্রুতি দিয়ে ৷

চিৰাঙত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

উল্লেখ্য যে, সভাত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা উপস্থিত থাকি উন্নতি, শান্তি, প্রগতিৰ স্বার্থত বিজেপি দলৰ প্রার্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আছাৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details