অসম

assam

By

Published : Jul 18, 2021, 6:51 AM IST

ETV Bharat / state

চিৰাঙত সাহাৰ্য বিতৰণ মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মৰ

চিৰাঙত ক’ভিড-19 ত স্বামীৰ মৃত্যু হোৱা ১৩ গৰাকী বিধৱা মহিলাক মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আঢ়ৈ লাখ টকাৰ চেক বিতৰণ কৰিলে মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই ৷

cheif-ministers-covid-19-windows-support-scheme
মুখ্যমন্ত্ৰীৰ ক'ভিড বিধৱা কল্যাণ আঁচনিৰ অধীনত চিৰাঙত সাহাৰ্য বিতৰণ মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মৰ

চিৰাং, 18 জুলাই :শনিবাৰেচিৰাঙৰ (CHIRANG)কাজলগাঁওস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত ক'ভিড (COVID-19) অতিমাৰীত স্বামীহাৰা বিধবা মহিলা সকললৈ মুখ্যমন্ত্ৰী সাহাৰ্য আঁচনিৰ অধীনত ‘মুখ্যমন্ত্ৰী ক'ভিড-১৯ বিধৱা সাহাৰ্য আঁচনি’ (CHEIF MINISTERS COVID-19 WINDOWS SUPPORT SCHEME) চেক বিতৰণ কৰে অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই । কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত চিদলী বিধানসভাৰ সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে ৰঞ্জিত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰীৰ উপস্থিতিত জিলা খনৰ ১৩ গৰাকী হিতাধীকাৰী বিধৱা মহিলাৰ মাজত এককালীন 2.50 লাখ টকাৰ সাহাৰ্য বিতৰণ কৰা হয় ।

মুখ্যমন্ত্ৰীৰ ক'ভিড বিধৱা কল্যাণ আঁচনিৰ অধীনত চিৰাঙত সাহাৰ্য বিতৰণ মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মৰ

উল্লেখ যে, চিৰাং জিলাত বিগত ২০২০ আৰু ২০২১ বৰ্ষত ক'ভিড আক্ৰান্ত হৈ ৪৩ জন লোকৰ মৃত্যু হৈছিল । তাৰে শনিবাৰে প্ৰথম পৰ্যায়ত ১৩ গৰাকী হিতাধীকাৰী বিধবা মহিলাৰ মাজত এই আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে । চেক বিতৰণ কৰি মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই কয় যে, এয়াই শেষ নহয় যি সকল মহিলা ৰৈ গৈছে তেওঁলোককো এই সাহাৰ্য বিতৰণ কৰা হ’ব ।

মুঠতে ক’ভিডত যাতে মানুহ মৰিবলগীয়া নহয় তাৰ বাবে সজাগতা আৰু সাৱধানতাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন আঁচনি ল‘ব পাৰে কিন্তু জনসাধাৰণৰ সহায় নহলে সকলো বিফল হ’ব গতিকে জনসাধাৰণে এই ক্ষেত্ৰত চৰকাৰক সহায় কৰিব লাগিব বুলিও কয় মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই ৷

মুখ্যমন্ত্ৰীৰ ক'ভিড বিধৱা কল্যাণ আঁচনিৰ অধীনত চিৰাঙত সাহাৰ্য বিতৰণ মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মৰ

এনেদৰেই শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰৰ মন্ত্ৰী সকলে মুখ্যমন্ত্ৰী ক'ভিড-১৯ (covid-19) বিধৱা সাহাৰ্য আঁচনিৰ জৰিয়তে হিতাধিকাৰী সকলৰ মাজত ধন বিতৰণ কৰে ৷ বৰপেটাত ৰণজিৎ কুমাৰ দাস, গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, মাজুলীত মন্ত্ৰী বিমল বৰাই এই আঁচনিৰ জৰিয়তে একোগৰাকী হিতাধিকাৰীলৈ 2.50 লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা দেখা যায় ৷

লগতে পঢ়কঃ বাজেটে মোৰ নাক বচালে: ৰণজিৎ দাস

ABOUT THE AUTHOR

...view details