অসম

assam

ETV Bharat / state

ইউ পি পি এলৰ প্ৰাৰ্থীক ১০ কোটি টকাত বিক্ৰী কৰিবঃ চন্দন ব্ৰহ্ম - চন্দন ব্ৰহ্ম

বিপিএফৰ প্ৰাৰ্থী গৰাকীক ভোট দি জয়যুক্ত কৰিবলৈ উপস্থিত ৰাইজক আহ্বান চন্দন ব্ৰহ্মৰ ৷ ইউ পি পি এল দলৰ মঙলদৈ লোক সভা সমষ্টিৰ প্ৰাৰ্থী জনক বিজেপি বা কংগ্ৰেছৰ ওচৰত ১০ কোটি টকাত বিক্ৰীৰ চেষ্টা কৰি থকা বুলি এবছু সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰীজনে ।

ইউ পি পি এলৰ প্ৰাৰ্থীক ১০ কোটি টকাত বিক্ৰী কৰিবঃ চন্দন ব্ৰহ্ম

By

Published : Apr 12, 2019, 12:11 AM IST

চিৰাং, ১১ এপ্ৰিলঃ এবছু সভাপতি প্ৰমোদ বড়োই ইউ পি পি এলৰ প্ৰাৰ্থীক ১০ কোটি টকাৰ বিনিময়ত বিক্ৰীৰ বাবে গ্ৰাহক বিচাৰি থকা বুলি মন্তব্য চন্দন ব্ৰহ্মৰ । চিৰাংত প্ৰমীলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী সভাত কলে চন্দন ব্ৰহ্মই ।

ইউ পি পি এলৰ প্ৰাৰ্থীক ১০ কোটি টকাত বিক্ৰী কৰিবঃ চন্দন ব্ৰহ্ম

ইউ পি পি এল দলৰ মঙলদৈ লোক সভা সমষ্টিৰ প্ৰাৰ্থী জনক বিজেপি বা কংগ্ৰেছৰ ওচৰত ১০ কোটি টকাত বিক্ৰীৰ চেষ্টা কৰি থকা বুলি এবছু সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰীজনে । প্ৰতি বছৰেই ইউ পি পি এলৰ প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনত হাৰে আৰু দলৰ নাম সলনি কৰি গৈ থাকে বুলি কটাক্ষ কৰি মন্ত্ৰী চন্দন ব্ৰহ্মই লগতে প্ৰমোদ বড়োক সভাপতি নহয়, বেপাৰী বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details