অসম

assam

ETV Bharat / state

সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰিব মন্ত্ৰী চন্দন ব্ৰহ্মই - মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিজেপিত যোগদান

মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিজেপিত যোগদানৰ বাতৰিক ভিত্তিহীন আখ্যা দি ভুৱা বাতৰি পৰিৱেশনৰ বাবে একাংশ সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ চিৰাঙত বিপিএফৰ প্ৰাৰ্থী সকলৰ বাবে প্ৰচাৰ চলাবলৈ আহি এই কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

Chandan brahma will file defamation case against some news channels
একাংশ সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰিব মন্ত্ৰী চন্দন ব্ৰহ্মই

By

Published : Jun 24, 2020, 1:31 PM IST

চিৰাং, 24 জুনঃ আগন্তুক 2021 বিধানসভা নিৰ্বাচনৰ বাবে মন্ত্ৰী চন্দন ব্ৰহ্মই বিজেপিত যোগদানৰ বাতৰিক ভিত্তিহীন আখ্যা দি ভুৱা বাতৰি পৰিৱেশনৰ বাবে একাংশ সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰে ৷ বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে চিৰাং জিলা সদৰত বিপিএফৰ প্ৰাৰ্থী সকলৰ বাবে প্ৰচাৰ চলাবলৈ আহি এই কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

একাংশ সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰিব মন্ত্ৰী চন্দন ব্ৰহ্মই

আনহাতে,বিটিচিত অনাগত দিনত বিজেপিৰ চৰকাৰ গঠন হ’ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত তেখেতে কয় যে, বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰ গঠন হ’ব ৷ কোৱা কথা আৰু ৰাইজৰ সঁহাৰি দুটা ভিন্ন বিষয় ৷ বিটিচিৰ ৰাইজ বিপিএফৰ সৈতে আছে ৷ আগন্তুক বিচিটি নিৰ্বাচনত বিপিএফে 30 খন আসনত জয়লাভ কৰিব ৷ ইয়াৰ উপৰিও যিহেতু কৰ’ণা মহামাৰীৰ বাবে বিটিচি নিৰ্বাচন স্থগিত ৰখা হৈছে সেয়েহে পৰৱৰ্তী নিৰ্বাচনৰ তাৰিখ নিৰ্বাচনী আয়োগে ধাৰ্য কৰিব বুলিও প্ৰকাশ কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক-কলগাছিলাৰ দুই আৰ্থিকভাৱে দুৰ্বল কিশোৰ-কিশোৰীয়ে পালে সহায়ৰ হাত

For All Latest Updates

ABOUT THE AUTHOR

...view details