অসম

assam

চন্দন ব্ৰহ্মৰ মতে বিটিচিত হিমন্ত বিশ্বই আৰম্ভ কৰিছে হিন্দু-মুছলিমৰ ৰাজনীতি

By

Published : Dec 4, 2020, 4:52 PM IST

‘‘বিটিচিত ইয়াৰ পূৰ্বে কেতিয়াও ইমান নিম্ন খাপৰ ৰাজনীতি হোৱা নাছিল যি হিমন্তই এইবাৰ আৰম্ভ কৰিছে । হিমন্তৰ কথা মতে বিটিচিতো হিন্দু-মুছলমানৰ ৰাজনীতি নকৰাৰ বাবেই আজি হিমন্তই হাগ্ৰামা মহিলাৰীক বেয়া বেয়া ভাষাৰে গালি দিছে ।’’- চন্দন ব্ৰহ্ম

btc election
btc election

চিৰাং, 4 ডিচেম্বৰ : ‘‘বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ নামত তুচ্ছ তাচ্ছিল্য কৰা,সাম্প্ৰদায়িক মন্তব্য, হিন্দু-মুছলমানৰ ৰাজনীতি কৰা আৰু বেয়া ভাষা ব্যৱহাৰ কৰিছে মন্ত্ৰী হিমন্তই’’ । এই অভিযোগ মন্ত্ৰী চন্দন ব্ৰহ্মৰ । চিৰাঙৰ পানবাৰীত অনুষ্ঠিত বিপিএফৰ নিৰ্বাচনী সভাত এইদৰে সতীৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । তেওঁ কয় যে, বিটিচিত ইয়াৰ পূৰ্বে কেতিয়াও ইমান নিম্ন খাপৰ ৰাজনীতি হোৱা নাছিল যি হিমন্তই এইবাৰ আৰম্ভ কৰিছে । হিমন্তৰ কথা মতে বিটিচিতো হিন্দু-মুছলমানৰ ৰাজনীতি নকৰাৰ বাবেই আজি হিমন্তই হাগ্ৰামা মহিলাৰীক বেয়া বেয়া ভাষাৰে গালি দিছে । আমি জীয়াই থকালৈ বিটিচিত কেতিয়াও হিন্দু-মুছলমানৰ ৰাজনীতি হ’ব নিদিও বুলি সকিয়নী দিয়ে চন্দন ব্ৰহ্মই ।

চন্দন ব্ৰহ্মৰ মতে বিটিচিত আৰম্ভ কৰিছে হিন্দু-মুছলিমৰ ৰাজনীতি হিমন্ত বিশ্বই

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আজিহে বিটিচি বাসীয়ে বুজি পাইছে আৰু শান্তি স্থাপন হৈছে । সেয়ে আমি পিচুৱাই যাব নিবিচাৰো । উন্নয়নৰ ধাৰা অটুট থাকিব বিটিচিত । তেওঁ আৰু কয় যে, বিটিচিৰ দুৰ্নীতি তথা ধনৰ হিচাব লোৱাৰ পূৰ্বে হিমন্তই নিজৰ হিচাব দিয়ক । বিটিচিৰ কিমান টকাৰ দুৰ্নীতি হৈছে সেয়াও ভালদৰে ক’ব নোৱাৰে । আবোল তাবোলহে বকিছে হিমন্তই । ক’ভিডৰ নামত কোটি কোটি টকা বিশ্ব বেংক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱাৰ পিচতো বিত্ত বিভাগৰ দায়িত্বত থকা হিমন্তই কোনো হিচাব দিয়া নাই । গতিকে অসমৰ ৰাইজক ইয়াৰ হিচাব দিব লাগিব বুলিও কয় চন্দন ব্ৰহ্মই । বিটিচিৰ ৩৫ লাখ জনতা আছে । বিটিচিয়ে পাবলগীয়া ধন অসম চৰকাৰৰ বিত্ত বিভাগে নিদিয়ে । বহু বাকী আছে এতিয়াও । সেই টকা যাতে দিব নালাগে সেয়ে এতিয়া বিভিন্ন দুৰ্নীতিৰ ৰাজনীতিকৰণ কৰি হিমন্তই ভুৱা তথ্য বিটিচিৰ ৰাইজক দি বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলি অভিযোগ কৰে চন্দন ব্ৰহ্মই ।

সভাত উপস্থিত থাকি বিপিএফ নেত্ৰী অঞ্জলি দৈমাৰীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ফালৰ পৰা বিটিচিৰ নিৰ্বাচনী পৰচৰ্চাত শালিনতা এৰি যি দৰে ভাষা ব্যৱহাৰ কৰিছে সেয়া দেখি সকলো আচৰিত হৈছে । মাত্ৰ সৰু সৰু চাৰিখন জিলালৈ গঠিত পৰিষদীয় নিৰ্বাচনত প্ৰচাৰৰ নামত যিদৰে প্ৰৱেশ কৰিছে সেয়া কোনেও ভালপোৱা নাই বুলি কয় দৈমাৰীয়ে । মিত্ৰতাত থকাৰ পিচতো মুখ্যমন্ত্ৰীয়ে বিৰোধী দলৰ দৰে আহি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাটো আচলতে প্ৰট’কলত নপৰে । দল হিচাবে আহিব পাৰে তাত কবলগীয়া নাই । অহা বিধানসভা নিৰ্বাচনৰ বাবে শংকিত হোৱা বুলিও কয় অঞ্জলি দৈমাৰীয়ে । হিমন্তই ব্যাক্তিগত আখেজতে হাগ্ৰামাক আক্ৰমণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, হাগ্ৰামাই হিমন্তৰ কথাত উঠ বহ নকৰাৰ বাবেই এনে কৰিছে । তেওঁ আৰু কয় যে বিটিচিত আহি হিমন্তই হাগ্ৰামাৰ দুৰ্নীতি তথা হিচাব বিচৰাৰ পূৰ্বে নিজে দুৰ্নীতি মুক্ত হওক । ডিমা হাছাওৰ এহেজাৰ কোটি টকীয়া দুৰ্নীতিত তেওঁ জড়িত, সাৰদা কেলেংকাৰী, লুইবাৰ্গাৰ আদি বৃহৎ কেলেংকাৰীত হিমন্তহে জড়িত গতিকে নিজে প্ৰথমে দুৰ্নীতি মুক্ত হওক বুলি কয় অঞ্জলি দৈমাৰীয়ে ।

লগতে পঢ়ক :কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি : মুখ্যমন্ত্ৰী সোণোৱাল

ABOUT THE AUTHOR

...view details