অসম

assam

By

Published : Nov 20, 2020, 10:00 PM IST

ETV Bharat / state

হিমন্তক অস্থিৰ আৰু অসুস্থ আখ্যা চন্দন ব্ৰহ্মৰ

চিৰাঙৰ ১৮নং মানাস চেৰফাং পৰিষদীয় সমষ্টিৰ ২নং বিষ্ণুপুৰত বিপিএফৰ নিৰ্বাচনী সভাত অংশ লয় চন্দন ব্ৰহ্মই ৷ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা মন্ত্ৰীগৰাকীৰ ৷

btc election
btc election

চিৰাং, 20 নবেম্বৰ : ‘‘হিমন্তৰ কথা শৈলীত বুজা যায় তেওঁ অস্থিৰ আৰু অসুস্থ’’ ৷ চিৰাঙৰ ১৮ নং মানাস চেৰফাং পৰিষদীয় সমষ্টিৰ ২ নং বিষ্ণুপুৰত বিপিএফৰ নিৰ্বাচনী সভাত অংশ লৈ এই মন্তব্য মন্ত্ৰী চন্দন ব্ৰহ্মৰ । সভাখনত নিজৰ ভাষণত চন্দন ব্ৰহ্মই ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি হৈ দলটোত আজি উৰ্খাও গৌৰা ব্ৰহ্মৰ দুৰৱস্থাৰ বাবে দুখ প্ৰকাশ কৰি কয় যে, বিপিএফৰ চিন্তা কৰি লাভ নাই ব্ৰহ্মই নিজৰ চিন্তা কৰক । বিপিএফ দলক সমালোচনা কৰি কি হ’ব,বিগত সময়ত বিপিএফ দলে বিটিচি গঠনৰ পিচত কি উন্নয়ণ কৰিলে সেয়া ৰাইজক সুধিলে পাব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা চন্দন ব্ৰহ্মৰ

‘‘আমাৰ এটাই কথা যে বিপিএফ দল কেতিয়াও বিশ্বাসঘাতক দল নহয় আৰু অদূৰ ভৱিষ্যতেও বিশ্বাসঘাতকতা নকৰিম’’ বুলি কয় মন্ত্ৰী চন্দন ব্ৰহ্মই । তেওঁ আওপকীয়াকৈ বিজেপি দলক বিশ্বাসঘাতকতা কৰাৰ ইংগিত দি কয় যে,এই বিষয়ে বিপিএফ দলৰ মজিয়াত আলোচনা কৰা হ’ব । বিজেপিয়ে নিজাববীয়াকৈ কি সিদ্ধান্ত লয় সেয়া তেওঁলোকৰ কথা । মন্ত্ৰী হিমন্ত প্ৰসংগত চন্দন ব্ৰহ্মই কয় যে,কথাবোৰ তেওঁ যিদৰে উপলুঙা আৰু ল’ৰা ধেমালি কৰি আছে আৰু আক্ৰমণশৈলী দেখিলে বুজা যায় যে তেওঁ অস্থিৰ যেন অসুস্থ হৈ আছে । বিটিচি অঞ্চলত আহি যিদৰে কথাবোৰ কৈ আছে সেয়া তেওঁৰ মনৰ কথা নে ভিতৰত আন কিবা আছে সেয়া কোনেও বুজি পোৱা নাই । কাৰণ সকলো কথাই হঠাতেই বেয়াপোৱা, তেনে কথাবোৰ ৰাইজে ভাল নাপায় ।

চন্দন ব্ৰহ্ম

বিটিচিৰ শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰি ইয়াত সোমাব বিচাৰি আছে হিমন্ত । কাৰণ বিটিচিৰ শিক্ষিত জনগণে ঐক্যবদ্ধ তথা শান্তিপূৰ্ণ পৰিৱেশ ভাঙোন কৰিব নোৱাৰিলে ইয়াত সহজে সোমাব নোৱাৰিব বাবেই হিমন্তই এই ধৰণৰ তুচ্ছ তাচ্ছিল্য সূচক মন্তব্য কৰি আছে বুলি কয় চন্দন ব্ৰহ্মই । কিন্তু হিমন্তৰ কূট কৌশলবোৰ বিটিচিৰ ৰাইজে বুজি পাইছে । তেওঁৰ উদ্দেশ্য বিটিচিবাসীয়ে বুজি পাইছে তেওঁৰ কথাত কোনো গুৰুত্ব নিদিয়ে । বৰঞ্চ সমগ্ৰ অসমৰ বুদ্ধিজীৱী সমাজ তথা শিক্ষিত সমাজে হিমন্তৰ কথাৰ ধৰণ বেয়া পাইছে । অসমৰ বৌদ্ধিক সমাজে হিমন্তক বেয়া পোৱাৰ বিপৰীতে ৰাইজে বিপিএফক আশীৰ্বাদ হে দিছে বুলি কয় মন্ত্ৰী চন্দন ব্ৰহ্মই ।

বিপিএফৰ নিৰ্বাচনী সভা

লগতে পঢ়ক :যোৰহাটত এটা দৰিদ্ৰ পৰিয়ালক গৃহ দান কৰিলে বিৰাজ হাজৰিকাই

ABOUT THE AUTHOR

...view details