চিৰাং, 16 জুন :ৰাজ্যত সম্প্ৰতি বৃদ্ধি পাইছে ভুৱা চিকিৎসক(fraud doctor)ৰ সংখ্যা। চিৰাং জিলাৰ সদৰ জেএচবি অসামৰিক চিলিৎসালয়ত(JSB civil hospital) কৰ্মৰত প্ৰসূতি বিভাগৰ চিকিৎসক(gynecologist) ডাঃ ইয়াকুব আলীৰ নথি জালিয়াতিৰে দেৰগাঁৱৰ আহমেদ আলী নামৰ লোকজনে বিগত ১২ বছৰে স্বয়ম্ভূ মেডিকেল অফিচাৰ হিচাপে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ হাতিআলি চাহ বাগিচাত কৰ্মৰত আছিল ।
অৱশেষত ডিব্ৰুগড়ৰ কেইগৰাকীমান চিকিৎসকে ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষক আৰু চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে বিষয় সন্দৰ্ভত আলোচনা কৰে ৷ দেওবাৰে চিৰাঙৰ ডাঃ ইয়াকুব আলীৰ এজাহাৰৰ ভিত্তিত ভুৱা চিকিৎসক আহমেদ আলীক গ্ৰেপ্তাৰ কৰে চাবুৱা আৰক্ষীয়ে ।
এই সন্দৰ্ভত বিতং তথ্য জনাই চিৰাঙৰ প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ ইয়াকুব আলীয়ে কয় যে, আইনীভাৱে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক । ইতিমধ্যে চাবুৱা আৰক্ষীয়ে তদন্তৰ বাবে দুই-এদিনতে চিৰাঙলৈ যাত্ৰা কৰিব বুলি জনায় চিকিৎসকজনে । যিহেতু, ক’ভিডৰ এই সময়চোৱাত তেওঁ চিৰাং এৰি আন ঠাইলৈ যাব নোৱাৰিব, সেয়ে ডিব্ৰুগড় আৰক্ষীয়ে তদন্তৰ বাবে চিৰাঙলৈ যাব বুলিও জানিব দিয়ে চিকিৎসকগৰাকীয়ে । ডাঃ ইয়াকুব আলীয়ে এই বিষয়ে আশ্বৰ্য প্ৰকাশ কৰি কয় যে, লোকজনে তেওঁৰ নথি জালিয়াতি কৰিছে ৷ কিন্তু বাসস্থান মোজাবাৰীৰ পৰিৱৰ্তে মোগাবাৰী বুলি উল্লেখ কৰিছে ৷