অসম

assam

ETV Bharat / state

চিৰাঙৰ বান ক্ষতিগ্ৰস্থৰ তথ্যত অসন্তুষ্ট কেন্দ্ৰীয় চৰকাৰৰ দল - চিৰাং

কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰালয়ৰ সঞ্চালক অমৰনাথ সিঙৰ নেতৃত্বৰ দলটোৱে জিলাখনৰ বিজনী মহকুমা এলেকাৰ লেডোপাৰা আৰু চৌৰাবাৰীত বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি পাছত কাজলগাঁওস্থিত জিলা উপাযুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ পৌৰহিত্যত চিৰাঙত হৈ যোৱা বান সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়

চিৰাঙৰ বান ক্ষতিগ্ৰস্থৰ তথ্যত অসন্তুষ্ট কেন্দ্ৰীয় চৰকাৰৰ দল

By

Published : Nov 16, 2019, 8:34 AM IST

চিৰাং, 16 নৱেম্বৰঃ চিৰাঙত চলিত বছৰত হোৱা বানৰ ক্ষতি সন্দৰ্ভত পৰিদৰ্শন কৰে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃগাথনি মন্ত্ৰালয়ৰ এটি দলে ৷ শুকুৰবাৰে ক্ষয় ক্ষতি আৰু সাহাৰ্য প্ৰদানৰ ওপৰত বুজ লয় দলটিয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰালয়ৰ সঞ্চালক অমৰনাথ সিঙৰ নেতৃত্বৰ দলটোৱে জিলাখনৰ বিজনী মহকুমা এলেকাৰ লেডোপাৰা আৰু চৌৰাবাৰীত বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি পাছত কাজলগাঁওস্থিত জিলা উপাযুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ পৌৰহিত্যত চিৰাঙত হৈ যোৱা বান সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷

চিৰাঙৰ বান ক্ষতিগ্ৰস্থৰ তথ্যত অসন্তুষ্ট কেন্দ্ৰীয় চৰকাৰৰ দল

পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, বেংতল আৰু বিজনীৰ ৰাজহ চক্ৰ বিষয়া, জল সম্পদ, গড়কাপ্তানি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, শিক্ষা, ভূমি সংৰক্ষণ, পশু পালন, স্বাস্থ্য, কৃষি বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ৷

চিৰাঙৰ বান ক্ষতিগ্ৰস্থৰ তথ্যত অসন্তুষ্ট কেন্দ্ৰীয় চৰকাৰৰ দল
চিৰাঙৰ বান ক্ষতিগ্ৰস্থৰ তথ্যত অসন্তুষ্ট কেন্দ্ৰীয় চৰকাৰৰ দল


সভাত কেন্দ্ৰীয় চৰকাৰৰ দলটোৱে বান ক্ষতিগ্ৰস্থ অঞ্চল ভ্ৰমণ কৰি পোৱা তথ্য আৰু চিৰাং জিলাৰ বিভিন্ন দলে আগবঢ়োৱা তথ্যৰ অমিল থকাৰ কথা ব্যক্ত কৰে । যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দলটিয়ে অসন্তুষ্টি ব্য়ক্ত কৰে । পৰিমানতকৈ বহু কম ক্ষতি হোৱা বুলি চিৰাং জিলাৰ বিভিন্ন বিভাগে পৰ্যবেক্ষণকাৰী দলটোক তথ্য দিয়া বুলি মন্তব্য কৰে ।

চিৰাঙৰ বান ক্ষতিগ্ৰস্থৰ তথ্যত অসন্তুষ্ট কেন্দ্ৰীয় চৰকাৰৰ দল

ABOUT THE AUTHOR

...view details