অসম

assam

ETV Bharat / state

বিজনীৰ খেলপথাৰ পৰিদৰ্শন বিটিআৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্যৰ - বিটিআৰ

চিৰাঙৰ বিজনীৰ বিভিন্ন খেলপথাৰ পৰিদৰ্শন বিটিআৰ ক্ৰীড়া বিভাগৰ কাৰ্য্যবাহি সদস্য দাউবাইসা বড়োৰ । বিটিআৰ (BTR)ৰ বিভিন্ন জিলাৰ খেলপথাৰসমূহ পৰিদৰ্শন কৰি ইয়াৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি আছে বিটিআৰ (BTR) প্ৰশাসনে ৷ বিটিআৰ (BTR)ৰ প্ৰতিখন জিলাৰ মহকুমাসমূহত স্পৰ্টচ অথৰিটী অৱ ইণ্ডিয়া (Sports authority of India)ৰ একোটাকৈ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি জনায় কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

btr-sports-em-visit-bijni-for-inspection-of-fields
বিজনীৰ খেলপথাৰ পৰিদৰ্শন বিটিআৰ ক্ৰীড়া বিভাগৰ কাৰ্য্যবাহি সদস্যৰ

By

Published : Jun 25, 2021, 8:51 AM IST

চিৰাং, 25 জুন : চিৰাঙৰ বিজনীৰ বিভিন্ন খেলপথাৰ ভ্ৰমন বিটিআৰ (BTR) ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাউবাইসা বড়োৰ । বৃহস্পতিবাৰে চিৰাং জিলাৰ বিজনীৰ কেবাখনো খেলপথাৰ ভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লয় বিটিআৰৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে । বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ, মহেশ্বৰি খেলপথাৰ, শিলবাৰীৰ অঞ্জালি খেলপথাৰ, উলুবাৰী আৰু পানবাৰী খেলপথাৰ পৰিদৰ্শন কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে ।

বিজনীৰ খেলপথাৰ পৰিদৰ্শন বিটিআৰ ক্ৰীড়া বিভাগৰ কাৰ্য্যবাহি সদস্যৰ

পৰিদৰ্শন কালত দাউবাইসা বড়োয়ে কয় যে, চিৰাং জিলা তথা বিজনীৰ কেইবাখনো খেলপথাৰ পৰিত্যক্ত হৈ পৰি আছে । যিসমূহ মেৰামতি তথা পুণৰ নিৰ্মাণৰ অতিকে প্ৰয়োজন হৈছে । সদস্য জনে লগতে কয় খেলুৱৈ সকলক বিটিআৰ প্ৰশাসনৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰা হ’ব । বিটিআৰৰ হাতত যিহেতু পৰ্যাপ্ত ধনৰ অভাৱ ক্ৰীড়াৰ বাবে খেলপথাৰ সমূহ মেৰামতি তথা পুণৰ নিৰ্মাণৰ বাবে সেয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা সহায় ল’ব লাগিব বুলি তেওঁ উল্লেখ কৰে ।

বিটিআৰ (BTR)ৰ বিভিন্ন জিলাৰ খেলপথাৰ সমূহ পৰিদৰ্শন কৰি ইয়াৰ বাবে বিটিআৰ প্ৰশাসনে পৰিকল্পনা প্ৰস্তুত কৰি থকা বুলিও উল্লেখ কৰে দাউবাইসা বড়োৱে ।

বিটিআৰ (BTR)ৰ সকলো বিভাগত যিদৰে ৰাইজে সুবিধা লাভ কৰিব সেই দৰেই ক্ৰীড়াৰ ক্ষেত্ৰতো যাতে সুবিধা লাভ কৰে তাৰ বাবে বিটিআৰ (BTR)ৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা লোৱাৰ কথাও কয় কাৰ্যবাহী সদস্য বড়োয়ে । কম দিনৰ ভিতৰতেই বিটিআৰ (BTR)ৰ প্ৰতিখন জিলাৰ মহকুমা সমূহত স্পৰ্টচ অথৰিটী অৱ ইণ্ডিয়া (Sports authority of India)ৰ একোখনকৈ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলিও তেওঁ জনায় । বিটিআৰৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীৰ বিজনী ভ্ৰমনৰ সময়ত ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰীয়ো উপস্থিত থাকে ।

লগতে পঢ়ক : নাহৰকটীয়াত জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল ভাতৃৰ

ABOUT THE AUTHOR

...view details