চিৰাং, ৪ ছেপ্তেম্বৰ :অসমত উপ নিৰ্বাচন (Bye election) অহাৰ লগে লগে এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা ভংগৰ চৰ্চা চলি থকাৰ মাজতে ইউপিপিএল (UPPL) আৰু বিজেপিৰ সৈতে বিপিএফৰ (BPF) গোপন বুজাবুজি চলিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে ।
বহুতে দাবী কৰা মতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে (Hagrama Mohilary) এইবাৰ উপ নিৰ্বাচনত বিটিআৰৰ দুয়োখন আসনে ইউপিপিএলক এৰি দিব । এনেবোৰ চৰ্চাৰ মাজতে হাগ্ৰামা সম্পৰ্কত বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী (Ranjit Basumatary) ওৰফে ফেৰেংগাৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ ।
চিৰাঙৰ কাজলগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত একপ্ৰকাৰ হাগ্ৰামাক প্ৰশংসা কৰা দেখা গ'ল ফেৰেংগাক । তেওঁৰ মতে হাগ্ৰামা বৰ্তমান নৰ্মেল হৈছে । পূৰ্বতে হাগ্ৰামা মানসিকভাৱে কেনে আছিল তেওঁ নাজানে, কিন্তু এতিয়া হাগ্ৰামা এগৰাকী নৰ্মেল মানুহ বুলি ফেৰেংগাই মন্তব্য কৰে ।
অৱশ্যে ৰাজনৈতিক সিদ্ধান্ত ল'বলৈ তেওঁৰ গণতান্ত্ৰিক অধিকাৰ আছে । হাগ্ৰামাই কেনে ৰাজনৈতিক উদ্দেশ্যে লৈ ক'ত কি কৰিছে তেওঁ নাজানে যদিও ইউপিপিএল নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰ সম্পূৰ্ণ সুৰক্ষিত বুলি মন্তব্য কৰে ফেৰেংগাই । উপ নিৰ্বাচনত দুয়োখন আসনে ইউপিপিএলৰ হাতলৈ যাব বুলিও তেওঁ নিশ্চিত ।