চিৰাং, 9 আগষ্ট :চিৰাং জিলাৰ ভিৰানগাঁৱত পঞ্চদশ বিত্তীয় ২০২০-২১ বৰ্ষৰ অধীনৰ কালভাৰ্ট আঁচনিৰ আধাৰশিলা স্থাপনৰ বাবে দেওবাৰে চিৰাঙত উপস্থিত হয় বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী ৷ উপ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে অসমত উপ নিৰ্বাচনৰ প্ৰসংগ লৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা চলাই থকা অৱস্থাত বড়োলেণ্ড পিপুলচ পাৰ্টী চমুকৈ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সৈতে মিত্ৰতা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সতে গোপন বৈঠকত মিলিত হোৱা বুলি চৰ্চা লাভ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷
বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে হাগ্ৰামা মহিলাৰীয়ে নিয়াৰ গোচৰত অভিযুক্ত হোৱাৰ ভয়তহে মুখ্যমন্ত্ৰীৰ লগত গোপন বৈঠকত মিলিত হৈছে বুলি মন্তব্য কৰে ৷ ইউপিপিএলৰ নেতাজনে বিজেপিৰ লগত ইউপিপিএলৰ আলোচনা হোৱাৰ পিছতহে মিত্ৰতা হোৱাৰ কথা ব্যক্ত কৰি পৰৱৰ্তী ১০ বছৰলৈ এই মিত্ৰতা অক্ষুণ্ণ থাকিব বুলি মন্তব্য কৰে ।
তেওঁ লগতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ অৱস্থা এতিয়া ভাল নহয় বুলিও জানিবলৈ দিয়ে । নিয়াৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ ভয়ত বিজেপি নেতৃবৰ্গৰ ভৰিত ধৰি আছে বুলি সদৰী কৰে গোবিন্দ বসুমতাৰীয়ে । গোবিন্দ বসুমতাৰীয়ে লগতে কয় যে, বিজেপিয়ে বিপিএফক কেতিয়াও সহযোগী দল হিচাপে গ্ৰহণ নকৰে সেয়া আমি স্পষ্ট ।