অসম

assam

17 বছৰে বিপিএফে কৰিব নোৱাৰা কাম বিটিআৰ চুক্তিয়ে কৰিব : ৰণ গৌৰা নাৰ্জাৰী

By

Published : Sep 4, 2020, 10:34 PM IST

‘‘বিটিআৰ চুক্তি একো নহয় বুলি হাগ্ৰামাই কৈ থাকোতেই বিটিআৰ চুক্তি অনুসৰি শনিবাৰে আনুষ্ঠানিক ভাৱে স্থাপন হ’ব বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়’’- ৰণ গৌৰা নাৰ্জাৰী

BTR agreement will do what BPF can't do in 17 years: Ran Gaura Narjari
17 বছৰে বিপিএফে কৰিব নোৱাৰা কাম বিটিআৰ চুক্তিয়ে কৰিব : ৰণ গৌৰা নাৰ্জাৰী17 বছৰে বিপিএফে কৰিব নোৱাৰা কাম বিটিআৰ চুক্তিয়ে কৰিব : ৰণ গৌৰা নাৰ্জাৰী

চিৰাং, 4 ছেপ্তেম্বৰ: বিটিচি চুক্তিৰ পিচত বিগত 17 বছৰে বিপিএফে কৰিব নোৱাৰা কাম এতিয়া হ’বলৈ লৈছে বিটিআৰ চুক্তি মতে । বিটিআৰ চুক্তি অনুসৰি শনিবাৰে বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয় মুকলি হ’ব । হাগ্ৰামা মহিলাৰী তথা বিপিএফে যিমানেই বিটিআৰ চুক্তিৰ বিৰোধিতা নকৰক কিয় বিটিআৰ চুক্তি অনুসৰি মুকলি হ’বলগীয়া অনুষ্ঠানত পৰ্যটন তথা জনজাতি কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্মই নিজে উপস্থিত থাকি প্ৰমাণ দিব যে বিটিআৰত কি আছে । তেওঁলোকৰ মিছা অপবাদ নিজেই নিশেষ কৰিব । হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তিলৈ আবোল তাবোল বকিছে বুলি কয় ৰণ গৌৰা নাৰ্জাৰীয়ে ।

ৰণ গৌৰা নাৰ্জাৰীৰ প্ৰতিক্ৰিয়া

কাৰণ এতিয়া যে বিটিচিৰ পৰা তেওঁৰ ক্ষমতা যাব সেয়া জানিয়ে তেওঁ এইদৰে আবোল তাবোল কৰি আছে । তেওঁ ভাবিছে বিটিআৰৰ বিৰোধিতা কৰিলেই অবড়ো লোকৰ ভোট পাব কিন্তু ৰাইজ আজি সজাগ । বিটিআৰত কি আছে সেয়া হাগ্ৰামাই কোৱাৰ আগতে ৰাইজে জানে । বিটিআৰ চুক্তি মতে অহা সকলো শিক্ষানুষ্ঠান, চিকিৎসালয় তথা অন্যান্য জনগোষ্ঠীয়েই উপভোগ কৰিব পাৰিব ।

বিটিচি চুক্তিৰ পিচত বিগত 17 টা বছৰে বিপিএফৰ কেবাজনো মন্ত্ৰী আছিল অসম চৰকাৰৰ কিন্তু তেওঁলোকে এই দীৰ্ঘ 17 টা বছৰে বড়ো মাধ্যমৰ সঞ্চালকালয় কৰাত ব্যাৰ্থ হ’ল । গতিকে এতিয়া ভ্ৰম বকিছে বিপিএফ নেতৃত্বই ।

শনিবাৰে সঞ্চালকালয় হোৱাৰ পিচত সমগ্ৰ বিটিআৰৰ বড়ো জনগোষ্ঠীৰ লোকেই বিজয় উৎসৱ কৰিব বিপিএফে সেয়াও প্ৰত্যক্ষ কৰিব পাৰিব বুলি কয় ইউপিপিএলৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ।

বিপিএফে যিহেতু চৰকাৰত আছে সেয়ে বিটিআৰ চুক্তি ৰূপায়ন কৰা তেওঁলোকৰ দায়িত্ব আছিল । সেয়া নকৰি বিৰোধিতাহে কৰিলে । চলিত বিধান সভা নিৰ্বাচনতে বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ কথা আছিল যদিও বিভাগীয় মন্ত্ৰী চন্দন ব্ৰহ্মৰ ব্যাৰ্থতাৰ বাবে নহ’ল । সেয়াও ৰাইজও জানিব পাৰিলে । বিটিআৰৰ বাহিৰৰ বড়ো সকল বঞ্চিত হ’ল । জাতি বিৰোধী কাম কৰাৰ বাবে বড়ো সকলে বিপিএফক এইবোৰ কাৰণতে জিৰ’ কৰিহে এৰিব বুলি কয় ৰণগৌৰা নাৰ্জাৰীয়ে ।

ইপিনে পৃথ্বী নাৰায়ণ দেৱে প্ৰমোদ বড়োৰ বিৰুদ্ধে কৰা সকলো ষড়যন্ত্ৰ ফাদিল হ’ল । তেওঁৰ মিথ্যাচাৰ সকলোৱে গম পালে । তেওঁ অসমৰ সকলো সংবাদ মাধ্যমকো কিনিব বিচাৰিছিল । সেয়া সকলোৱে গম পাইছে গতিকে তেওঁৰ বিষয়ে ক’বলগীয়া একো নাই । দুদিন পিচত সকলো তল পৰিব । তেওঁৰ কথাত আমি নহয়, কোনেও গুৰুত্ব নিদিয়ে বুলি কয় ইউপিপিএলৰ উপ সভাপতিজনে ।

ৰণ গৌৰা নাৰ্জাৰী

অঞ্জলি দৈমাৰী সন্দৰ্ভতো উপসভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে, অঞ্জলি দৈমাৰী স্ব-বিৰোধী স্থিতি লৈ হে আছে । অঞ্জলি দৈমাৰী বাইদেউৰ সংগ্ৰাম এন ডি এফবিৰ সৈতে জড়িত আছিল, অঞ্জলিৰ ভাতৃ ৰঞ্জন দৈমাৰীৰ সৈতে জড়িত । গতিকে সেই সংগ্ৰাম বিটিআৰ চুক্তিৰ জৰিয়তে সুন্দৰকৈ সমাপ্তিৰ পথত । এই চুক্তি ৰূপায়ন কৰাৰ দায়িত্ব তেওঁৰো আছিল । কিন্তু তাকে নকৰি বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা হাগ্ৰামাৰ কাষ চাপিলে অঞ্জলি দৈমাৰীয়ে । আজিৰ তাৰিখত হাগ্ৰামাৰে মিলি অঞ্জলি দৈমাৰীয়েও বিটিআৰৰ বিৰোধিতা কৰাহে পৰিলক্ষিত হ’ল ।

সংগ্ৰাম কৰিলে এটা বিষয় লৈ আৰু জড়িত হ’ল আন বিষয়ত হে । এই কথাবোৰ বড়ো ৰাইজে গম পায় সকলো । অৱশ্যে আমি আগৰে পৰাই জানিছিলো অঞ্জলি দৈমাৰী বিপিএফৰ সৈতে গোপনে জড়িত আছিল আজি মুকলি ভাৱে আহিছে তাত আমাৰ ক’বলগীয়া একো নাই । কাৰণ সকলোৰে নিজা নিজা ৰাজনৈতিক অধিকাৰ আছে বুলিও কয় ৰণগৌৰা নাৰ্জাৰীয়ে ।

লগতে চাওক-10-15 জোপা চাহ গছ ৰোপণ কৰি বছৰটোৰ বাবে কেনেকৈ ল’ব চাহৰ জুতি !

ABOUT THE AUTHOR

...view details