অসম

assam

ETV Bharat / state

কাজলগাঁৱত ইউ পি পি এলৰ নিৰ্বাচনী সমদল

চিৰাঙত ইউপিপিএল দলে জিলাখনৰ 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিত দেওবাৰে এক সমদল বাহিৰ কৰে ৷ প্ৰায় 500 শতাধিক লোকে অংশগ্ৰহণ কৰে এই পদযাত্ৰাত ৷ 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে উদ্বোধন কৰি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে নেতা গৰাকীয়ে ৷

BTC Election, Chirang UPPL Massive Rally
পৰিৱৰ্তনৰ নামত চিৰাঙত UPLL ৰ বৃহৎ সমদল

By

Published : Nov 1, 2020, 4:44 PM IST

চিৰাং, 1 নৱেম্বৰ :সমাগত বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত উঠিছে বিটিচি পৰিষদৰ ৰাজনীতি ৷ বিটিচিৰ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিজৰ সমৰ্থিত প্ৰাৰ্থীক জয়যুক্ত কৰিবৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে ৷ দেওবাৰে পুনৰ চিৰাঙত ইউপিপিএল দলে জিলাখনৰ 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিত এক সমদল উলিয়াই ।

পৰিৱৰ্তনৰ নামত চিৰাঙত UPLL ৰ বৃহৎ সমদল

সমষ্টিটোৰ অন্তৰ্গত ছাতিপুৰ প্ৰাইমাৰীৰ ইউপিপিএল দলৰ কাৰ্যালয়ৰ পৰা প্ৰায় 500 শতাধিক লোকে অংশগ্ৰহণ কৰে এই পদযাত্ৰাত ৷ ইউপিপিএল দলৰ উপ-সভাপতি তথা 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে উদ্বোধনী ভাষণত কয় যে, ৰাইজৰ পদধূলি গচকি গাঁৱে গাঁৱে ইউপিপিএল দলে নিৰ্বাচনী প্ৰচাৰ চলাব ৷ দুৰ্নীতি-ভ্ৰষ্টাচাৰ বিপিএফ আৰু বড়ো-অবড়োৰ বিভাজন আনি ৰাজনীতি কৰিব বিচৰা জিএছপি দলৰ বিৰুদ্ধে জণগণক একত্ৰিত কৰি বিটিচিত এক সুস্থ-সৱল নিকা আৰু গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠাৰ মানসেৰে ৰাইজৰ পদুলিলৈ ওলাই আহিছে দলটো ৷

লগতে পঢ়ক :‘প্ৰাসংগিক প্ৰেক্ষাপট’ত মিঞা মিউজিয়াম প্ৰসংগৰে বিধায়ক শ্বেৰমান আলী

তেওঁ পুনৰ কয় যে, বিটিচিত বিগত দিনত বিপিএফে অগাধ দুৰ্নীতি কৰিলে । চৰকাৰী আঁচনিৰ নামত টকা লুণ্ঠন কৰাৰো অভিযোগ প্ৰদান কৰিলে নেতা গৰাকীয়ে ৷ ইফালে, বিটিআৰ চুক্তিৰ দফা সংশোধন নকৰিলে বড়ো-অবড়োৰ সংঘাতৰ বিষয়ে হাগ্ৰামা মহিলাৰীয়ে কোৱা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে, বিটিআৰ চুক্তি লৈ হাগ্ৰামাই ৰাজনীতি কৰি আহিছে । এই চুক্তিত কোনো এটা জনগোষ্ঠীৰ বাবে ক্ষতিকাৰক কোনো দিশ নাই । বড়ো-অবড়ো বিটিচি চুক্তিৰ পৰাহে সৃষ্টি হৈছে । কোনো জনগোষ্ঠীৰ যত কোনো আপত্তি নাই তাত হাগ্ৰামাই হে ৰাজনীতি কৰি আছে ইয়াৰ বাদে একো নহয় বুলি মন্তব্য প্ৰদান ।

তেওঁ আৰু কয় যে, বিপিএফ দলে এই বাৰ পূৰ্বৰ ৰেকৰ্ডৰ পৰা বুজা যায় যে প্ৰথমবাৰ 39 খন, দ্বিতীয় বাৰ 29 খন আৰু তাৰ পিচত 19 খন আসন পাইছিল সেই অনুসৰি এইবাৰ বিপিএফে 9 খন আসনহে পাব বুলি মন্তব্য কৰিলে ।

লগতে পঢ়ক :পাণ্ডুত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত কুৰিখন ব্য়ৱসায়িক প্ৰতিষ্ঠান

For All Latest Updates

ABOUT THE AUTHOR

...view details