অসম

assam

By

Published : Mar 12, 2020, 2:13 PM IST

Updated : Mar 12, 2020, 2:54 PM IST

ETV Bharat / state

মই শিলৰ সৈতে খেলি ভাল পাঁও : বি আৰ ফেৰেঙ্গা

চিৰাঙৰ গৰুভাষাত ইউপিপিএলৰ বৃহৎ যোগদান সমাৰোহ । ইউপিপিএল দলৰ কাৰ্য‍্যালয় জ্বলাই একো কৰিব নোৱাৰে, আমাৰ লগত ৰাইজ আছে-প্ৰমোদ বড়ো ।

চিৰাঙৰ গৰুভাষাত ইউপিপিএলৰ বৃহৎ যোগদান সমাৰোহ
চিৰাঙৰ গৰুভাষাত ইউপিপিএলৰ বৃহৎ যোগদান সমাৰোহ

চিৰাং, 12 মাৰ্চ : বৃহস্পতিবাৰে চিৰাং জিলাৰ গৰুভাষা ৰাজহুৱা পথাৰত ইউপিপিএল দলৰ বৃহৎ যোগদান সমাৰোহৰ আয়োজন কৰে য'ত এনডিএফবিৰ প্ৰাক্তন কৰ্মকৰ্তাসকলৰ লগতে বিপিএফৰ মুঠ এহাজাৰ জন লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে । এই যোগদান সমাৰোহত দলটোৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্ম, দলৰ সভাপতি প্ৰমোদ বড়োকে আদি কৰি বহু কেইজন নেতা উপস্থিত থাকে ৷

মই শিলৰ সৈতে খেলি ভাল পাঁও : বি আৰ ফেৰেঙ্গা

দলৰ সভাপতি প্ৰমোদ বড়োয়ে কয় যে ইউপিপিএল দলে ইতিমধ‍্যে নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে । দুই এদিনতে সম্পূৰ্ণ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি জনায় । ইউপিপিএল দলৰ কাৰ্যালয় জ্বলাই একো কৰিব নোৱাৰে । দুষ্কৃতিকাৰীক দমন কৰিব জানো বুলি কোৱাৰ লগতে কয় যে আমি কোনো ধৰনৰ সংঘৰ্ষ নিবিচাৰো ।

অনুষ্ঠানত উপস্থিত থকা এনডিএফবিৰ প্ৰাক্তন সম্পাদক বি আৰ ফেৰেঙ্গাই কয় এইবাৰ বিপিএফৰ বেয়াকৈ পৰাজয় হোৱাটো নিশ্চিত । ৰাইজে পৰিৱৰ্তন বিচাৰি আছে । গতিকে বিপিএফ এইবাৰ শূন‍্য হ'ব । দুৰ্নীতিৰ বাবে আজি বিপিএফৰ সৈতে কোনো দলেই থাকিব বিচৰা নাই । তেওঁ কয় যে মই শিলৰ সৈতে খেলি ভাল পাঁও । গতিকে বিটিচিৰ উপ মুখ‍্য খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে নিৰ্বাচন খেলিম আৰু তেওঁৰ বিজয় নিশ্চিত বুলি জনায় ।

চিৰাঙৰ গৰুভাষাত ইউপিপিএলৰ বৃহৎ যোগদান সমাৰোহ

বিটিচিৰ নিৰ্বাচনৰ অধিসূচনা জাৰী কৰাৰ 24 ঘন্টা পাৰ নহওঁতেই নিৰ্বাচনী হিংসাৰ আৰম্ভ হৈছে আৰু ইতিমধ‍্যে চিৰাঙকে আদি কৰি অন‍্যান‍্য ঠাইতো ইউপিপিএল দলৰ কাৰ্যালয় জ্বলোৱা পৰিলক্ষিত হৈছে । কিমান শান্তিপূৰ্ণভাৱে পাৰ হয় নিৰ্বাচন সেয়াহে লক্ষ‍্যনীয় হ'ব ।

Last Updated : Mar 12, 2020, 2:54 PM IST

ABOUT THE AUTHOR

...view details