চিৰাং, 30 চেপ্তেম্বৰঃ চিৰাঙত উপস্থিত হৈ জিলা কো-অপাৰেটিভ ছ'চাইটিৰ উপ-পঞ্জীয়কৰ কাৰ্যালয় মুকলি কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ সোমবাৰে জিলাখনৰ সদৰ কাজলগাঁৱত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ নিজা পূঁজিৰে প্ৰায় 215.57 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা কাৰ্যালয়টো উদ্বোধন কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মসহ বহুকেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷
চিৰাঙত মুকলি উপ-পঞ্জীয়কৰ কাৰ্যালয়
চিৰাঙত মুকলি কৰা হয় জিলা কো-অপাৰেটিভ ছ'চাইটিৰ উপ-পঞ্জীয়কৰ কাৰ্যালয় ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে জিলা সদৰ কাজলগাঁৱত মুকলি কৰে কাৰ্যালয়টো ৷
অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ মহিলাৰ ওপৰত চলি থকা অত্যাচাৰৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ বিশেষকৈ কোকৰাঝাৰ জিলাত বড়ো মহিলাসকলৰ ওপৰত চলি থকা হাৰাশাস্তিৰ বাবেই সকলো জাতি-জনগোষ্ঠীৰ লোককে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় বিটিচি প্ৰধানগৰাকীয়ে ৷ ঘটনাৰ বাবে বিটিচি প্ৰশাসনে তদন্তকাৰী দলে নিয়োগ কৰাৰ কথাও প্ৰকাশ কৰে হাগ্ৰামাই ৷
আনহাতে, বিপিএফ-ইউপিপি মিত্ৰতা সন্দৰ্ভত এয়া অনিশ্চিত বুলি কয় হাগ্ৰামাই ৷ কেন্দ্ৰ আৰু ৰাজ্যত থকাৰ দৰেই বিটিচিটো মিত্ৰতা থাকিব আৰু আসনৰ ভাগবতৰা কৰি নিৰ্বাচন খেলিব অগপ, বিজেপি আৰু বিপিএফে ৷ আনহাতে সাংসদ নৱ শৰনীয়াৰ দল আৰু তেওঁৰ বিষয়ে মহিলাৰীয়ে কোনো প্ৰশ্নৰে উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷