চিৰাং,7 ছেপ্তেম্বৰ:বাট-পথৰ দুৰৱস্থাৰ বাবে যথেষ্ঠ দুৰ্ভোগ ভূগিবলগীয়া হৈছে চিৰাঙবাসীয়ে ৷ জিলাখনৰ গৰুভাষা অঞ্চলৰ চানপুৰত থকা এখন ভগ্ন দলঙে অঞ্চলটোৰ যাতায়াতৰ ক্ষেত্ৰত সম্প্ৰতি অন্তৰায় হিচাপে দেখা দিছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চিৰাং জিলাৰ চিদলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চানপুৰৰ মাজেৰে বৈ যোৱা মৰা ভূৰনৈৰ ওপৰত থকা দলঙখন দীৰ্ঘদিনে জৰাজীৰ্ণ অৱস্থাত আছে ৷ প্ৰায় 6খন গাঁওৰ যাতায়াতৰ একমাত্ৰ সাৰথি উক্ত দলঙখনৰ ওপৰেৰে দৈনিক আহ-যাহ কৰে অসংখ্য পথচাৰী ৷
বিগত প্ৰায় 17 বছৰে বিটিচিৰ শাসনৰ বাঘজৰী চম্ভালি থকা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰখনে এই দলং মেৰামতিৰ বাবে গ্ৰহণ নকৰিলে কোনোধৰণৰ ব্যৱস্থা ৷ যাৰ ফলত বৃহৎ অঞ্চলটোৰ ৰাইজে ভূগিবলগীয়া হৈছে যমৰ যাতনা ৷ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে সমষ্টিবাসীলৈ মনত পৰা জন প্ৰতিনিধিসকলে ৰাইজক আশ্বাস দিয়ে দলঙখন মেৰামতি কৰাৰ ৷ কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত সেয়া ফুটুকাৰ ফেনত পৰিণত হয় ৷