চিৰাঙ , ৮ জানুৱাৰী : চিৰাং জিলাৰ ঔগুৰীত সদৌ অসম ব্ৰক্ষ্ম ধৰ্ম পৰিচালনা কমিটীৰ সংবাদমেল । শেহতীয়াকৈ ৰূপায়ন কৰা "অসম দৰ্শন আঁচনি"ৰ পৰা ব্ৰক্ষ্ম ধৰ্মক বাদ দিয়াকলৈ এই সংবাদমেল কমিটীখনৰ । কমিটীখনৰ অভিযোগ অসম চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰমূলকভাৱে "অসম দৰ্শন আঁচনি"ৰ পৰা ব্ৰহ্ম ধৰ্মক বাদ দিছে। অসম চৰকাৰে "অসম দৰ্শন আঁচনি"ৰ নামত ব্ৰহ্ম ধৰ্মৰ লোক সকলক বঞ্চিত কৰাৰো অভিযোগ উপ সভাপতি সমৰ কুমাৰ ব্ৰক্ষৰ । তেওঁ কয় যে চৰকাৰে বিভিন্ন ধৰণৰ ৰাজনৈতিক মন্তব্যৰেও ব্ৰহ্ম ধৰ্মক অপমান কৰিছে ।
চিৰাঙত ব্ৰক্ষ্ম ধৰ্ম পৰিচালনা কমিটীৰ সংবাদমেল - নামঘৰলৈ 2.50 লাখকৈ আৰ্থিক অনুদান
"অসম দৰ্শন আঁচনি"ৰ পৰা ব্ৰক্ষ্ম ধৰ্মক বাদ দিয়াকলৈ এই সংবাদমেল কমিটীখনৰ । অসম চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰমূলকভাৱে "অসম দৰ্শন আঁচনি"ৰ পৰা ব্ৰহ্ম ধৰ্মক বাদ দিয়াৰ অভিযোগ কমিটীখনৰ ।

চিৰাঙত ব্ৰক্ষ্ম ধৰ্ম পৰিচালনা কমিটীৰ সংবাদমেল
উল্লেখ যে বিগত মাহত এই "অসম দৰ্শন আঁচনি" শুভাৰম্ভ কৰা হৈছিল । আঁচনিৰ জৰিয়তে ৰাজ্যৰ 8 হাজাৰ নামঘৰলৈ 2.50 লাখকৈ আৰ্থিক অনুদান আগবঢ়োৱা হয় ৷ নামঘৰ অথবা ধৰ্মীয়স্থান সমূহলৈ যোৱা বাট-পথ নিৰ্মাণ আদিৰ লগতে এই আঁচনিত বিভিন্ন উন্নয়নমূলক দিশ সন্নিৱিষ্ট কৰা হৈছে । কিন্তু এই আঁচনিৰ পৰা ব্ৰক্ষ্ম ধৰ্মৰ লোকসকল বঞ্চিত হোৱাত এতিয়া সংবাদমেল পাতি এনেদৰে ক্ষোভ উজাৰে তেওঁলোকে ।
লগতে পঢ়ক :1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল বিটিচিৰ