অসম

assam

ETV Bharat / state

বিটিচি পৰিষদ গঠনৰ পাছতে বিপিএফে ভূমি পট্টা প্ৰদান কৰিব : হাগ্ৰামা মহিলাৰী

বিটিচি গঠন কৰিয়েই বিপিএফে প্ৰদান কৰিব ভূমি পট্টা ৷ এই মন্তব্য বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ৷ একক সংখ্যাগৰিষ্ঠতাৰে বিপিএফে পৰিষদীয় নিৰ্বাচনত জয় লাভ কৰিব বুলিও মহিলাৰীয়ে মন্তব্য কৰে ৷

By

Published : Nov 6, 2020, 10:33 AM IST

বিটিচি পৰিষদ গঠনৰ পাছতে বিপিএফে ভূমি পট্টা প্ৰদান কৰিব
বিটিচি পৰিষদ গঠনৰ পাছতে বিপিএফে ভূমি পট্টা প্ৰদান কৰিব

চিৰাং, 6 অক্টোবৰ: "একক সংখ্যাগৰিষ্ঠতাৰে বিপিএফে চৰকাৰ গঠন কৰিব ৷ বিটিচি পৰিষদ গঠনৰ পাছতে বিপিএফে প্ৰথম কাম হিচাপে প্ৰতিশ্ৰুতি অনুসৰি ভূমি পট্টা প্ৰদান কৰিব ৷" এই মন্তব্য বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷

বিটিচি পৰিষদ গঠনৰ পাছতে বিপিএফে ভূমি পট্টা প্ৰদান কৰিব : হাগ্ৰামা মহিলাৰী

বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে চিৰাঙৰ 17 নং সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে অংশ লৈ মহিলাৰীয়ে এই মন্তব্য প্ৰদান কৰে ৷ বিপিএফে একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি মহিলাৰীয়ে লগতে কয় যে বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দল কোনো কাৰক নহয় ৷

সংবাদ মাধ্যমৰ সন্মুখত বিপিএফৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে যে পৰিষদ গঠন কৰিয়েই প্ৰথম কাম হিচাপে বিভিন্ন জাতি জনগোষ্ঠাৰ লোকসকলক বিপিএফে ভূমি পট্টা প্ৰদান কৰিব ৷ বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভত নিৰ্বাচনৰ পিছত হে মিত্ৰতা সম্পৰ্কে আলোচনা কৰা হ'ব বুলি মহিলাৰীয়ে মন্তব্য কৰে ৷

পচলাবাৰীত অনুষ্ঠিত বিপিএফ দলৰ জন সভাত কেইবাহাজাৰ লোকৰ সমাগম

উল্লেখ্য যে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাগত ভাৱে তুংগত উঠিছে। পচলাবাৰীত অনুষ্ঠিত বিপিএফ দলৰ এই জন সভাত কেইবাহাজাৰ লোকৰ সমাগম হয় । মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে অসমৰ জনপ্ৰিয় অভিনেতা বিপুল ৰাভা,মনোজ দাসসহ বিপিএফ দলৰ বহু কেইগৰাকী নেতা এই সভাত উপস্থিত থাকে । চিৰাং জিলাৰ ১৭ নং সুবাইঝাৰ পৰিষদীয় সমষ্টীৰ বিপিএফৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে এই সভা অনুষ্ঠিত হয় ।

লগতে পঢ়ক:হাগ্ৰামা মহিলাৰীয়ে সোতৰ বছৰ ফাউল কৰি ফুটবল খেলি আহিছেঃ বুদ্ধদেৱ মুছাহাৰী

ABOUT THE AUTHOR

...view details