অসম

assam

ETV Bharat / state

চিৰাঙত বিপিএফৰ নিৰ্বাচনী পৰিদৰ্শন সমিতি গঠন - bpf steering comittee

চিৰাঙৰ আমগুৰি কয়লাময়লাস্থিত নিচিমা ব্লক বিপিএফৰ কাৰ্যালয়ত নিৰ্বাচনী পৰিদৰ্শন সমিতিৰ বিশেষ সভা । সভাত ৬১ জনীয়া নিচিমা ব্লক পৰিদৰ্শন সমিতি গঠন কৰা হয় ।

চিৰাঙত বিপিএফৰ নিৰ্বাচনী পৰিদৰ্শন সমিতি গঠন
চিৰাঙত বিপিএফৰ নিৰ্বাচনী পৰিদৰ্শন সমিতি গঠন

By

Published : Mar 10, 2021, 8:02 PM IST

চিৰাং,১০ মাৰ্চ: ৰাজ্যৰ ঠায়ে ঠায়ে মনোনয়ন পত্ৰ দাখিল কৰিছে দলৰ প্ৰাৰ্থীসকলে । আনহাতে সমষ্টিসমূহতো ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি হৈছে । চিৰাঙৰ নিচিমা ব্লকৰ কয়লাময়লাস্থিত বিপিএফৰ কাৰ্যালয়ত বুধবাৰে বিপিএফৰ এক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয় । ব্লক বিপিএফৰ সভাপতি পৰিমল নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিচিমা ব্লক বিপিএফৰ পৰিদৰ্শন সমিতি গঠন কৰা হয় । সমৰ ব্ৰহ্মক সভাপতি আৰু বাইছন মুচাহাৰীক সম্পাদক হিচাপে লৈ ৬১ জনীয়া নিৰ্বাচনী পৰিদৰ্শন সমিতি গঠন কৰা হয় ।

চিৰাঙত বিপিএফৰ নিৰ্বাচনী পৰিদৰ্শন সমিতি গঠন

জিলাখনৰ ৩১ নং চিদলী বিধানসভা সমষ্টিত যদিও এতিয়ালৈ দলীয়ভাৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই তথাপিও দলটোৰ নিৰ্বাচনী তৎপৰতা তুংগত উঠিছে । এই সভাত চিদলী সমষ্টিৰ নিৰ্বাচনী পৰিদৰ্শন সমিতিৰ সভাপতি শৈলেন্দ্ৰ ইশ্বৱাৰী, সম্পাদক শাহানুৰ ৰহমানৰ লগতে জিলা বিপিএফৰ নেতৃত্ব, এমচিএলএ ক্ৰমে পানীৰাম ব্ৰহ্ম আৰু জেমচ বসুমতাৰীৰ লগতে নিচিমা পৰিষদীয় সমষ্টিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বহু সংখ্যক লোক উপস্থিত থাকে ।

লগতে পঢ়ক:তিতাবৰৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি হেমন্ত কলিতাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details