অসম

assam

ETV Bharat / state

বিটিচি নিৰ্বাচন বিলম্ব কৰি বিটিচিবাসীৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে:খাম্পা বৰগয়াৰী - বিটিচি

শুকুৰবাৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে চিৰাং আৰু বিজনীত সমদল উলিয়াই মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ স্মাৰক প্ৰেৰণ কৰে বিপিএফৰ প্ৰায় 5 শতাধিক লোকে ৷

বিটিচি নিৰ্বাচন
বিটিচি নিৰ্বাচন

By

Published : Sep 25, 2020, 7:15 PM IST

চিৰাং, 25 ছেপ্তেম্বৰ: বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে শুকুৰবাৰে চিৰাঙত বিপিএফৰ প্ৰায় 5 শতাধিক লোকে এক সমদল উলিয়াই, জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ স্মাৰক প্ৰেৰণ কৰে ৷ বিপিএফৰ এই কাৰ্যসূচীত পানীৰাম ব্ৰহ্ম,জেমচ বসুমতাৰীকে ধৰি বহু কেইগৰাকী দলীয় নেতা উপস্থিত থাকে ৷ সমদলৰ অন্তত পুনৰ জিলা বিপিএফৰ কাৰ্যালয়ত আহি বিটিচিৰ প্ৰাক্তন উপমুখ্য খাম্পা বৰগয়াৰীয়ে এক সভাত অংশগ্ৰহণ কৰে দলটোৱে ৷ বিটিচিৰ প্ৰাক্তন উপমুখ্য খাম্পা বৰগয়াৰীয়ে সংবাদ মাধ্যমযোগে বিটিচি নিৰ্বাচন বিলম্ব কৰি বিটিচিবাসীৰ গণতান্ত্ৰিক অধিকাৰ ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগে খৰ্ব কৰিছে বুলি অভিযোগ কৰে ৷

বিটিচি নিৰ্বাচন বিলম্ব কৰি বিটিচিবাসীৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে:খাম্পা বৰগয়াৰী

আনহাতে চিৰাঙৰ বিজনীতো বিটিচি নিৰ্বাচন অতি শীঘ্ৰেই অনুষ্ঠিত কৰাৰ দাবীৰে বিপিএফ দলে সমদল উলিয়াই বিজনী মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ স্মাৰক প্ৰদান কৰে ৷

লগতে পঢ়ক:নিৰ্মাণৰ দহটা বছৰৰ পাচতো মুকলি নহ'ল এটা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

ABOUT THE AUTHOR

...view details