অসম

assam

ETV Bharat / state

BPF Party Workshop : চিৰাঙত বিপিএফৰ কেন্দ্ৰীয় সভাপতি হাগ্ৰামা মহিলাৰী

বিপিএফৰ কাৰ্যকালত যদি কিবা অনৈতিক কাৰ্যকলাপ হৈছে তেন্তে চিবিআই তদন্ত কৰিব পাৰে, চিৰাঙত বিপিএফৰ দলীয় সভা (BPF Party Workshop)ত উপস্থিত হৈ এই বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে (Hagrama Mohilary) ৷ বিটিচিত 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পাচত অহা কোনো লোকেই বৈধ নহয় বুলিও মন্তব্য হাগ্ৰামাৰ

hagrama mahilary visited chirang kajolgaon
চিৰাঙত পিএফৰ দলীয় কৰ্মশালা

By

Published : Nov 21, 2021, 1:51 PM IST

চিৰাং, 21 নৱেম্বৰ : বিটিচিৰ পোন্ধৰ বছৰীয়া শাসনভাৰ চলোৱা বি পি এফ দলে সম্প্ৰতি নিজৰ দলৰ সাংগঠনিক দিশটো শক্তিশালী কৰাৰ বাবে তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷ চিৰাং জিলা বিপিএফ দলে শনিবাৰে কাজলগাঁৱস্থিত জিলা কাৰ্যালয়ত এক দলীয় কৰ্মশালা (BPF party workshop) অনুষ্ঠিত কৰে ৷

চিৰাং জিলা বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত দলীয় কৰ্মশালাত দলৰ কেন্দ্ৰীয় সভাপতি তথা বিটিচিৰ প্ৰাক্তন মূৰব্বী হাগ্ৰামা মহিলাৰী (Hagrama Mohilary) মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৷ দলীয় কৰ্মশালাত দলটোক ভৱিষ্যতে কেনেদৰে আগুৱাই নিব তাৰ ওপৰত দলীয় প্ৰতিনিধি সকলে নিজৰ মত প্ৰকাশ কৰে ৷

চিৰাঙত পিএফৰ দলীয় কৰ্মশালা

কৰ্মশালাত বিটিচিৰ বিধায়িনী দলৰ বিৰোধী নেতা, পৰিষদীয় সদস্য দেৰহাসাৎ বসুমতাৰীয়ে সম্প্ৰতি দলে গ্ৰহণ কৰা কাৰ্যপন্থাৰ ওপৰত বিশদভাৱে আলোচনা আগবঢ়ায় ৷ বড়োলেণ্ড পিপুলচ ফণ্ট (Bodoland People's Front) চমুকৈ বিপিএফৰ কেন্দ্ৰীয় সভাপতি হাগ্ৰামা মহিলাৰীয়ে দলীয় কৰ্মী সকলক অনাগত দিনত দলীয় কামত সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায় ৷

সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে বৰ্তমান বিটিচি প্ৰশাসনৰ দায়িত্বত থকা প্ৰমোদ বড়োৱে 10/11 মাহৰ কাৰ্যকালত কিমান কাম কৰিলে আৰু কিমান কাম নকৰিলে তাৰ এক আভাস দলীয় প্ৰতিনিধি সকলৰ আগত দাঙি ধৰে বুলি মন্তব্য কৰে ৷ বিজেপিৰে মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে, দলে কেতিয়াও বিজেপিৰ সভাপতি বা আন কাৰো লগতে কোনো আলোচনা কৰা নাই ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কেৱল কাম কৰি যোৱাৰ কথাহে তেওঁ কয় ৷

চিৰাঙত পিএফৰ দলীয় কৰ্মশালা

উচ্ছেদ সম্পৰ্কে মত প্ৰকাশ কৰি তেওঁ কয় বিটিচিত 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পাচত অহা কোনো লোকেই বৈধ নহয় ৷ চিৰাং জিলাত চিৰাং সংৰক্ষিত বনাঞ্চল সম্প্ৰতি বহু লোকৰ দ্বাৰা বেদখল হোৱা বিষয়ত হাগ্ৰামা মহিলাৰীৰ ভাষ্য যে তেওঁৰ শাসন কালত এনে বেদখল হোৱা নাছিল ৷ এই দিশত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে উচ্ছেদৰ দায়িত্ব ল'ব লাগিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ কিন্ত উচ্ছেদক বিপিএফ দলে সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিয়ে মহিলাৰীয়ে ৷

লগতে চাওক :New Rules of CAA : অতি শীঘ্ৰে আহিব CAAৰ নতুন নিয়ম

ABOUT THE AUTHOR

...view details