অসম

assam

ETV Bharat / state

বিজেপি-ইউপিপিএল এৰি বিপিএফত যোগদান সহস্ৰাধিক নেতা-কৰ্মীৰ

বিটিচিত বিজেপি-ইউপিপিএল দললৈ ভাবুকি কঢ়িয়াই আনিছে বিপিএফে । ওদালগুৰিৰ পৰা ৫ শতাধিক বাহনৰ সমদলেৰে আহি চিৰাঙত বিপিএফত যোগদান বিজেপি-ইউপিপিএল নেতা-কৰ্মীৰ । প্ৰমোদ বড়োৰ দৰে স্থিতিহীন মানুহক প্ৰত্যুত্তৰ নিদিওঁ বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ ।

Chirang BPF mass joining
BPF mass joining program in Chirang

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 8:04 PM IST

বিপিএফৰ যোগদান কাৰ্যসূচী

চিৰাং, ২০ নৱেম্বৰ: চিৰাং জিলাৰ সামথাইবাৰীস্থিত বাথৌখেৰাইত সোমবাৰে হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত অনুষ্ঠিত হয় বিপিএফ দলৰ বৃহৎ যোগদান কাৰ্যসূচী । বিজেপি, ইউপিপিএল আৰু এনডিএফবিৰ বহু প্ৰাক্তন সদস্যই যোগদান কৰে বিপিএফত । প্ৰমোদ বড়ো হাটাও বিটিচি বাচাও শ্লোগানেৰে পদযাত্ৰা একাংশ বিজেপি আৰু বিপিএফ সদস্যৰ । ওদালগুৰি জিলাৰ পৰা পাঁচ শতাধিক বাহনেৰে সমদল কৰি চিৰাঙত বিপিএফত যোগদান এইসকল বিজেপি-ইউপিপিএল নেতা-কৰ্মীৰ ।

শাসকীয় বিজেপি, ইউপিপিএল এৰি এইসকল লোকে আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে । বিজেপি-ইউপিপিএল দলে প্ৰতিশ্ৰুতি মতে কাম কৰাত বিফল হোৱা বুলি দাবী কৰে এই সকল নেতা-কৰ্মীয়ে । কেবাজনো জিলা সভাপতি-সম্পাদকে এই কাৰ্যসূচীতে বিপিএফত যোগদান কৰে । গাঁৱৰ ৰাইজৰ মুখে মুখে কেৱল বিপিএফ তথা হাগ্ৰামা মহিলাৰীৰ নাম শুনা বুলিও জনায় এইসকল নেতা-কৰ্মীয়ে ।

বিটিআৰত বিজেপি-ইউপিপিএল দললৈ ভাবুকি কঢ়িয়াইছে নেকি বিপিএফ দলে ? এই যোগদান কাৰ্যসূচীৰ পিচত স্বাভাৱিকতে উত্থাপন হৈছে এই প্ৰশ্নৰ ৷

বিজেপিৰ চিৰাং জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক বিপ্লৱ দেৱনাথ আৰু চিৰাং জিলা বিজেপিৰ সম্পাদক স্বপন মাৰ্ডীয়ে স্পষ্টভাৱে কয় যে বিটিআৰত অহা ২০২৫ ত বিজেপি-ইউপিপিএলে চৰকাৰ কৰিব নোৱাৰে । কাৰণ তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ।

বিটিআৰত বিজেপি দল লবিকেন্দ্ৰিকভাৱে চলি আছে বুলি অভিযোগ তুলি বিটিআৰ বাসীৰ কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই বুলিও তেওঁলোকে কয় । বৰ্তমানৰ বিটিচি চৰকাৰে হাগ্ৰামা মহিলাৰীয়ে কৰি থৈ যোৱা কামবোৰকে কৰি বাঃ বাঃ লৈ থকা বুলিও জনায় নেতাদ্বয়ে । তেওঁলোকে লগতে কয় যে গাঁৱৰ লোকৰ মুখে মুখে বিপিএফ আৰু হাগ্ৰামা মহিলাৰীৰ নাম ।

ইফালে বিটিআৰৰ প্ৰতিখন জিলা বিজেপিৰ সৰহ সংখ্যক লোকে বিপিএফ দলত যোগদানৰ বাবে প্ৰস্তুতি চলোৱা বুলিও উল্লেখ কৰে দুয়োগৰাকী নেতাই । একেদৰে তামুলপুৰ জিলা ইউপিপিএলৰ সম্পাদক জিতেন মুচাহাৰীয়ে কয়, ‘‘ইউপিপিএল দলে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত সম্পূৰ্ণ ৰূপে ব্যাৰ্থ হৈছে । ৰাইজৰ আগত আমি ওলাব নোৱাৰো, কাৰণ ৰাইজে বিভিন্ন প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তুলিছে আমাক ।’’

তেওঁ ৫ হেজাৰতকৈ অধিক লোকক লগত লৈ বিপিএফ দলত যোগদান কৰাৰ কথা জনায় । অৱশ্যে তেওঁ আজি কেইজনমান সতীৰ্থৰ সৈতেহে বিপিএফত যোগদান কৰে । অহা ৩০ নৱেম্বৰত বাক্সাত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি জনায় । তেওঁ লগতে কয় যে এতিয়া ভোটাৰ সকলৰ প্ৰমোদ বড়োৰ মিছা প্ৰতিশ্ৰুতি শুনাৰ সময় নাই ৷

কোকৰাঝাৰ জিলা বিজেপিৰ উপ সভাপতি, মহিলা মৰ্চাৰ সভানেত্ৰীসহ বহুকেইজনে আজি বিপিএফত যোগদান কৰে । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি-ইউপিপিএলৰ অধিক লোকে বিপিএফ দলত যোগদান কৰিব বুলিও আজি যোগদান কৰা সকলে জনায় ।

হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত কয়, ‘‘প্ৰমোদ বড়োৰ দৰে বেছ লেছ মানুহৰ প্ৰত্যুত্তৰ দি লাভ নাই । প্ৰমোদৰ দিন গ’ল, ইউপিপিএল গ’ল । তেওঁলোকে ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে কাম কৰিব পৰা নাই ।’’ মাজবাটৰ পৰা গোসাইগাঁও পৰ্যন্ত বহু বিজেপি ইউপিপিএলৰ লোকে স্বেচ্ছাই বিপিএফত যোগ দিছে বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে ইয়াৰ দ্বাৰা এইটো বুজা যায় নিশ্চয় তেওঁলোকে চৰকাৰ চলাব পৰা নাই, যাৰ বাবে তেওঁলোকক এৰি বিপিএফলৈ আহিছে লোকসকল ।

চৰকাৰত থাকিয়ো প্ৰমোদ বড়োৱে নিজৰ দলৰ মানুহক ধৰি ৰাখিব পৰা নাই বুলি কয় মহিলাৰীয়ে । তেওঁ লগতে কয় যে যদিও ইউপিপিএল-বিজেপি আজি চৰকাৰত আছে যদিও বাস্তৱত এবছুৱেহে চৰকাৰ চলাই আছে ৷ যাৰ বাবে আজি তেওঁলোকৰ এই অৱস্থা ৷

হাগ্ৰামাই লগতে স্পষ্ট কৰি দিয়ে যে আজিলৈ বিজেপি-বিপিএফৰ মুখামুখি কোনো আলোচনা হোৱা নাই । ‘‘আমি বিপিএফে আগৰে পৰা কৈ আছোঁ কাৰো লগত মিত্ৰতা হোৱা নাই ৷ আমি অকলে নিৰ্বাচন খেলিম । ভৱিষ্যতে কাৰো লগত মিত্ৰতা হ’ব লাগিলে দলে সিদ্ধান্ত ল’ব’’ বুলিও জনায় হাগ্ৰামা মহিলাৰীয়ে । তেওঁ লগতে জনায় যে আগন্তক সময়ত বিজেপি-ইউপিপিএলৰ অধিক নেতা-কৰ্মী বিপিএফলৈ আহিব ৷ যিহেতু তেওঁলোকে চৰকাৰৰ ওপৰত আস্থা নোহোৱা হৈছে ।

লগতে পঢ়ক:যোৰহাটত গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচন খেলক: অখিল গগৈৰ ৰাজহুৱা প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details