অসম

assam

ETV Bharat / state

প্ৰমোদ বড়োৰ শাসনৰ তিনি বছৰতে দুটাকৈ উগ্ৰপন্থী সংগঠনৰ জন্ম হ’ল; শান্তি দেখা নাই হাগ্ৰামাই - BPF news

চিৰাঙত বিপিএফৰ বিশাল যোগদান সভা ৷ নতুন সদস্যসকলক আদৰণি জনোৱাৰ লগতে বৰ্তমানৰ বিটিচি প্ৰধান প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

Hagrama Mahilary slams Pramod Boro
Hagrama Mahilary slams BTC CEM Pramod Boro

By

Published : Jun 14, 2023, 11:03 PM IST

প্ৰমোদৰ দিনতে অধিক দুৰ্নীতি হৈছে বিটিআৰত

চিৰাং, 14 জুন: ‘‘আমাৰ সময়ত পাৰিষদ-কাৰ্যবাহী সদস্য সকলৰ মাজত কাম কৰাৰ প্ৰতিযোগিতা হৈছিল কিন্তু প্ৰমোদৰ দিনত টকা খোৱাৰহে প্ৰতিযোগিতা চলিছে ৷ বিপিএফৰ 17 বছৰত কোনো নতুন সংগঠন হোৱা নাছিল ৷ কিন্তু প্ৰমোদৰ এই তিনি বছৰতে দুটাকৈ উগ্ৰপন্থী সংগঠনৰ জন্ম হ’ল ৷ নতুনকৈ আৰু বিএলএৰ জন্ম হৈছে । গতিকে প্ৰমোদে কি দৰে কয় শান্তি হোৱা বুলি ?’’ চিৰাঙৰ কাজল গাঁৱত বুধবাৰে এই মন্তব্য কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

চিৰাং জিলা সদৰ কাজলগাঁৱত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বুধবাৰে অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী । কাজলগাঁও বজাৰ প্ৰেক্ষাগৃহত আয়োজিত এই যোগদান কাৰ্যসূচীত ইউপিপিএল, কংগ্ৰেছ, জিএচপি, আক্ৰাছু, বিজেপিকে আদি কৰি বিভিন্ন দল-সংগঠনৰ 9 শতাধিক লোকে বিপিএফ দলত যোগদান কৰে ৷ সকলোকে নিজৰ দললৈ আদৰণি জনায় হাগ্ৰামা মহিলাৰীয়ে ।

নতুনকৈ যোগদান কৰা সদস্যসকলক আদৰি লৈ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয় যে, প্ৰমোদ বড়োৰ কাম-কাজত অসন্তুষ্ট হৈ বিপিএফ দললৈ যোগদানৰ বাবে সকলো জাতি-জনগোষ্ঠীৰ লোক আগবাঢ়ি আহিছে । এয়া বিপিএফৰ বাবে শুভ লক্ষণ বুলি কয় মহিলাৰীয়ে ।

লগতে পঢ়ক:Manipur violence news: মণিপুৰৰ কাহিনী বিৱৰি ৰাষ্ট্ৰসংঘলৈ স্মাৰকপত্ৰ প্ৰেৰণ 15 টা সংগঠনৰ

বিপিএফত ইয়াত বিভিন্ন দলৰ লোকে যোগদান কৰিছে । কিন্তু ইউপিপিএলত নিজৰ সদস্যকে যোগদান কৰা বুলি দেখুৱায় বুলিও কয় মহিলাৰীয়ে । বিপিএফে যদি দুৰ্নীতি কৰিছিল কিয় দেখুৱাব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে তেওঁ কয়, ‘‘প্ৰমোদৰ দিনতে অধিক দুৰ্নীতি হৈছে । বিপিএফৰ ১৭ বছৰত কোনো নতুন সংগঠন হোৱা নাছিল কিন্তু প্ৰমোদৰ এই তিনি বছৰতে দুটাকৈ উগ্ৰপন্থী সংগঠনৰ জন্ম হ’ল ৷ নতুনকৈ আৰু বিএলএৰ জন্ম হৈছে । গতিকে প্ৰমোদে কিদৰে কয় শান্তি হোৱা বুলি ?’’

‘‘এনডিএফবি নেতা-সদস্য সকল জেলত আছে ৷ তেওঁলোকৰ পুনৰ সংস্থাপন হোৱা নাই । গতিকে ইয়াত কি হৈ আছে প্ৰমোদ বড়োৱে হে ক’ব পাৰিব ৷ ৰাইজে সকলো দেখি আছে ৷’’ হাগ্ৰামা মহিলাৰী ।

এই যোগদান কাৰ্যসূচীত বিপিএফ দলৰ উপ-সভাপতিদ্বয় খাম্পা বৰগয়াৰী আৰু শুদ্ধদেৱ বসুমতাৰী, সাধাৰণ সম্পাদক মনেশ্বৰ খাকলাৰী, মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰীয়াৰানী ব্ৰহ্ম, মাজবাট সমষ্টিৰ বিধায়ক চৰন বড়ো, পাৰিষদ সকল ক্ৰমে জেমচ বসুমতাৰী, পানীৰাম ব্ৰহ্ম, দেৰহাছৎ বসুমতাৰী আৰু কেন্দ্ৰীয় তথা জিলা সমিতিৰ বহুকেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details