অসম

assam

ETV Bharat / state

নৱ শৰণীয়া-প্ৰমোদ বড়ো একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি: কোনে ক'লে ? - নৱ শৰণীয়া

বুধবাৰে চিৰাঙৰ কেইবাঠাইতো অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ নিৰ্বাচনী সভামূহত জিলাখনৰ ভিন্ন সমষ্টিৰ প্ৰায় শহস্ৰাধিক লোকে বিপিএফ দলত যোগদান কৰে ৷

মন্ত্ৰী চন্দন ব্ৰহ্ম
মন্ত্ৰী চন্দন ব্ৰহ্ম

By

Published : Aug 26, 2020, 8:15 PM IST

চিৰাং, 26 আগষ্ট: বুধবাৰে চিৰাঙৰ বিজনীৰ ১৮ নং মানাহ সেৰফাং পৰিষদীয় সমষ্টীৰ বিপিএফৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ মন্ত্ৰী ব্ৰহ্মই সভাত অংশগ্ৰহণ কৰি কয় যে, নৱ কুমাৰ শৰণীয়াই বড়ো-অবড়োৰ ৰাজনীতি কৰি দীৰ্ঘ দিনে ঠগিলে ৷ একেদৰেই প্ৰমোদ বড়োৱেও আৰম্ভ কৰিছে একেই ৰাজনীতি ৷ মুঠতে প্ৰমোদ বড়ো আৰু নৱ শৰণীয়া এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ দুয়োজনেই অবড়ো লোক সকলক ঠগি ভোট আদায়েৰে ৰাজপাটত বহাৰ চেষ্টা চলাইছে ৷ নৱ শৰণীয়াই বিটিচিৰ পৰা অবড়ো গাঁও কৰ্তনৰ নামত ৰাইজৰ বহু টকা খৰচেৰে উচ্চ ন্যায়ালয়ত গোচৰ দিয়ালে ৷ বিটিচিত পৰিৱৰ্তনৰ সপোন দেখুৱাই সাংসদ হৈ আছে যদিও আজি সাধাৰণ লোকে তেওঁৰ চক্ৰান্ত বুজি পাইছে, সেয়ে তেওঁ ভৱিষ্যতে একো কৰিব নোৱাৰে কাৰণ ৰাইজে তেওঁক আৰু ভোট নিদিয়ে ৷

নৱ শৰণীয়া-প্ৰমোদ বড়ো একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি: মন্ত্ৰী চন্দন ব্ৰহ্ম

একেদৰেই প্ৰমোদ বড়োয়ে বিটিচিৰ ৪ লাখ অবড়ো বসতি প্ৰধান অঞ্চল ট্ৰাইবেল বেল্ট ব্লক উচ্ছেদৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে । উচ্ছেদ হ'লে সেই লোক সকল ক'ত যাব ? তাৰ কোনো চিন্তা নকৰিলে । এনআৰচিৰ সময়ত নিশাৰ ভিতৰতে হেজাৰ হেজাৰ সাধাৰণ লোকৰ বিৰুদ্ধে ভুৱা গোচৰ দি হাৰাশাস্তি কৰিছিল, সদায় অবড়ো জনসাধাৰণৰ বিৰোধিতা কৰিছিল ৷ আজি ৰাজনৈতিক নেতা হোৱাৰ পাচতহে বড়োৰ লগতে অন্যান্য জনগোষ্ঠীৰ কথা মনত পৰিছে বুলি অভিযোগ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰা পোনে পোনে আহি ১৯ নং থুৰিবাৰী সমষ্টিৰ ছাৰাগাঁৱত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে ৷ য'ত ৫৫৬ গৰাকী ভিন্ন জনগোষ্ঠীৰ লোকে বিপিএফত যোগদান কৰে ৷ ইয়াৰ পাচতে ১৮ মানাহ সেৰফাং সমষ্টিৰ পানবাৰীৰ হাদানত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে ৷ তাত অঞ্চলটোৰ প্ৰায় ৮০ শতাংশ বড়ো বসতি লোকেই বিপিএফৰ সমৰ্থনত ওলাই আহে ৷ তাৰ পৰৱৰ্তী সময়ত একেটা সমষ্টিৰ অন্তৰ্গত ভাউৰাগুৰিত অনুষ্ঠিত সভাত প্ৰায় ৬ শতাধিক লোক বিপিএফত যোগদান কৰে ৷

বিপিএফ দলত যোগদান ভিন্ন সমষ্টিৰ প্ৰায় শহস্ৰাধিক লোকৰ

লগতে পঢ়ক:কাইলৈ অগপৰ অধিবেশনঃ আমবাৰীৰ মুখ্য কাৰ্যালয়ত ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details