অসম

assam

ETV Bharat / state

চিৰাঙত বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ চন্দন ব্ৰহ্মৰ

সোমবাৰে চিৰাঙৰ 31 নং চিদলী (জনজাতী) সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মৰ বাইক ৰেলীত অংশগ্ৰহণ ৷ এইবাৰ কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো খাটাং বুলি সাংবাদিকক জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷

By

Published : Mar 8, 2021, 10:25 PM IST

bike rally by chandan brahma
চন্দন ব্ৰহ্মৰ বাইক ৰেলী

চিৰাং,8 মাৰ্চ : বিপিএফ দলৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পূৰ্বেই সোমবাৰে চিৰাঙৰ 31 নং চিদলী (জনজাতী) সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মই বজালে নিৰ্বাচনী ৰনডংকা । সহস্ৰাধিক সমৰ্থকৰ সৈতে চিৰাঙৰ কাজলগাঁৱৰ পৰা বিধায়ক চন্দন ব্ৰহ্মই উলিয়াইছে এক বিশাল বাইক ৰেলী ।

চন্দন ব্ৰহ্মৰ বাইক ৰেলী

বাইক ৰেলীত অংশগ্ৰহণ কৰি এইবেলি কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰে বিধায়ক চন্দন ব্ৰহ্মই । কাজলগাঁৱৰ পৰা উলিওৱা এই ৰেলী চাপাগুৰি, আমগুৰি, দেওশ্ৰী, খুংগ্ৰিং হৈ সমগ্ৰ সমষ্টি পৰিভ্ৰমণ কৰে চন্দন ব্ৰহ্মই ৷

লগতে পঢ়ক :ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details