চিৰাং, ১৪ ছেপ্টেম্বৰ:চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ উদ্যোগত বুধবাৰৰ(Book Fair at Kajalgaon)পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে এখনি প্ৰদৰ্শনীমূলক গ্ৰন্থমেলা । উক্ত গ্ৰন্থমেলাখনি উদ্বোধন কৰে কাজলগাঁও ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ(UN Brahma College in Kajalgaon)অধ্যক্ষ ড৹ নীল পদ্মিনী ৰাভাই ।
অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে গ্ৰন্থ অধ্যয়নৰ জৰিয়তে নিজৰ বৌদ্ধিক ধাৰা অব্যাহত ৰাখিব পাৰে তাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে যে বুলি কয় । চাৰিদিন ধৰি চলিবলগীয়া গ্ৰন্থ মেলাত অংশ গ্ৰহণ কৰিছে বঙাইগাঁৱৰ অগ্ৰণী গ্ৰন্থ বিপণী মণ্ডল বুক ষ্ট'লে ।