অসম

assam

By

Published : Jul 16, 2020, 4:01 AM IST

ETV Bharat / state

বন্যাৰ্তলৈ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাহাৰ্য বিতৰণ

চিৰাঙৰ বন্যাৰ্তলৈ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাহাৰ্য বিতৰণ । বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বন্যাৰ্তৰ খবৰ লবলৈ আহৰি নাই মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ । নিজৰ সমষ্টি এৰি আন ঠাইত ব্যস্ত মন্ত্ৰীজন ।

বন্যাৰ্তলৈ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাহাৰ্য বিতৰণ
বন্যাৰ্তলৈ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাহাৰ্য বিতৰণ

চিৰাং, 16 জুলাই :বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাং জিলাৰ ওদালগুৰিত বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ৰ নেতৃত্বত বন্যাৰ্তক সাহাৰ্য বিতৰণ কৰা হয় ৷ বুধবাৰে বঙাইগাঁও বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ দলে আই নদীৰ বানপানীৰ কৱলত পৰি আশ্ৰয় শিৱিৰত আশ্ৰয় লৈ থকা ওদালগুৰি, ছোটো আমগুৰিত থকা ৩টা শিৱিৰ পৰিদৰ্শন কৰে ।

বন্যাৰ্তলৈ সাহাৰ্য বিতৰণ

বঙাইগাঁও সমষ্টি যুৱ কংগ্ৰেছ কমিটীৰ পৰা আশ্ৰয় শিৱিৰত থকা লোকসকলক কিছু পৰিমাণে সাহাৰ্য সামগ্ৰী আগবঢ়ায় । জানিব পৰা মতে, এই শিৱিৰ কেইটাত 300ৰো অধিক সংখ্যক লোকে আশ্ৰয় লৈ আছে । দুখৰ বিষয় অসম চৰকাৰে এই লোকক আশ্ৰয় শিৱিৰত পানী, পোহৰ যোগান ধৰা নাই ।

বন্যাৰ্তলৈ সাহাৰ্য বিতৰণ

পশুধনো বহুত আছে এইকেইটা আশ্ৰয় শিৱিৰত ৷ চৰকাৰীভাবে মাত্ৰ 800 গ্ৰাম কৈ খাদ্য দি আহিছে যিটো পৰ্যাপ্ত নহয়, শিশুসকলৰ বাবেও শিশু খাদ্য যোগান দিয়া নাই । চিৰাং জিলাৰ এইসমুহ বানাক্ৰান্ত অঞ্চল বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত যদিও সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী আজিলৈ এইসকল লোকৰ সাহাৰ্যৰ কথা বাদেই কোনো খবৰেই নল'লে বুলি অভিযোগ উত্থাপন হৈছে ।

বন্যাৰ্তলৈ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাহাৰ্য বিতৰণ

প্ৰতিবছৰেই মাথো নিৰ্বাচনৰ সময়তহে এইসকল লোকৰ খবৰ লয় মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । তাৰ পিচতে পাহৰি যায় যে, চিৰাং জিলাৰ বহুখিনি অংশও যে তেওঁৰ সমষ্টিৰ অন্তৰ্গত । কোনো ধৰণৰ উন্নয়নৰ কামো নকৰে এইসমুহ অঞ্চলত ।

বন্যাৰ্তলৈ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাহাৰ্য বিতৰণ

এতিয়া বানাক্ৰান্ত এইসকল লোকে নিজৰ ঘৰ দুৱাৰ হেৰুৱাই শিৱিৰত থাকিব লগীয়া হৈছে যদিও সমষ্টিটোৰ বিধায়ক ওচৰত নাই । কোনো সহায়ো কৰা নাই । এয়াই মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সমষ্টিবাসীৰ প্ৰতি থকা দ্বায়িত্বৰ নমুনা ।

লগতে পঢ়কঃবঙাইগাঁৱত বান-খহনীয়াত বিস্তৰ ক্ষতি

ABOUT THE AUTHOR

...view details