অসম

assam

ETV Bharat / state

ঐতিহাসিক তামৰঙা বিলত মহলদাৰৰ অত‍্যাচাৰৰ বলি স্থানীয় মাছমৰীয়া - ঐতিহাসিক তামৰঙা বিলত মহলদাৰৰ অত‍্যাচাৰৰ বলি স্থানীয় মাছমৰীয়া

বঙাইগাঁও জিলাৰ ঐতিহাসিক তামৰঙা বিলত মহলদাৰৰ অত‍্যাচাৰৰ বলি স্থানীয় মাছমৰীয়াসকল । স্থানীয়ক দাবী ধমকিৰে বঞ্চিত কৰি অবৈধভাৱে অইন ঠাইৰ লোকক মাছ মৰা কাৰ্য‍্যত নিয়োগ মহলদাৰৰ ।

ঐতিহাসিক তামৰঙা বিলত মহলদাৰৰ অত‍্যাচাৰৰ বলি স্থানীয় মাছমৰীয়া
ঐতিহাসিক তামৰঙা বিলত মহলদাৰৰ অত‍্যাচাৰৰ বলি স্থানীয় মাছমৰীয়া

By

Published : Oct 30, 2020, 1:48 PM IST

চিৰাং, 30 অক্টোবৰ :বঙাইগাঁও জিলাৰ তামৰঙা বিলৰ মাছমৰীয়াৰ ওপৰত চলিছে মহলদাৰৰ অত্যাচাৰ । এইক্ষেত্ৰত বঙাইগাঁও জিলাৰ মীন বিভাগ, জিলা প্ৰশাসন আৰু আৰক্ষীয়ে নীৰৱ ভূমিকা গ্ৰহণ কৰাটো লক্ষনীয় । বিজেপি চৰকাৰৰ শাসন কালত দুখীয়া মাছমৰীয়াৰ ওপৰত চলিছে মহলদাৰ বাহিনীৰ দাদাগিৰি । ৰাজনৈতিক ক্ষমতা হস্তগত কৰি মহলদাৰ বাহিনীয়ে চলাইছে তামৰঙা বিলত লুন্ঠন ।

বঙাইগাঁও জিলাৰ ঐতিহাসিক তামৰঙা বিল

স্থানীয় দুখীয়া মাছমৰীয়া ৰাইজৰ লগত নাই বিজেপি চৰকাৰ । চৰকাৰে মাফিয়া গোটক দিছে ৰক্ষণাবেক্ষন । যাৰ ফলত নিশাৰ ভাগত মহলদাৰৰ গুণ্ডা বাহিনীয়ে প্ৰাণে মৰাৰ ভাবুকি দিছে দুখীয়া মাছমৰীয়া ৰাইজক । আনকি এইটো চক্ৰই ৰাজনৈতিক বল খটুৱাই আৰক্ষীকো নিয়ন্ত্ৰন কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

বঙাইগাঁও জিলাৰ ঐতিহাসিক তামৰঙা বিল

বঙাইগাঁৱৰ তামৰঙা বিলৰ ওপৰত নিৰ্ভৰশীল প্ৰায় 1500 মৎস্যজীৱী ৰাইজে,যিয়ে বিলত মাছ মাৰি নিজৰ জীৱিকা চলায় । তামৰঙা বিলৰ চাৰিওদিশৰ বাৰীপুখুৰী,ঘিলাগুৰি,বিষ্ণুপুৰ,আমতলী,বেলতলা,হীৰাপাৰা আৰু ছিলটীপাৰাৰ প্ৰায় 1500টা পৰিয়ালৰ মৎস্যজীৱি ৰাইজে নিৰ্যাতিত আৰু শোষিত হৈ আহিছে বিলখনৰ মহলদাৰৰ দ্বাৰা ।

বঙাইগাঁও জিলাৰ ঐতিহাসিক তামৰঙা বিল

লকডাউনৰ সময়ৰে পৰা মাছমৰীয়াসকলে বিলখনত মাছ মাৰিব নোৱাৰি নিজৰ জীৱিকা হেৰুৱাইছিল । ইয়াৰ মাজতে নতুন মহলদাৰ উত্তম দাসে বিলখনৰ ঠিকা লাভ কৰে । তিনিমাহ পূৰ্বে মীন বিভাগে মাছমৰীয়াসকলক পেৰাছুট সূতাৰে প্ৰস্তুত মাছৰ জাল ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে । এই জাল প্ৰস্তুত কৰোতে খৰচ হয় প্ৰায় 80/90 হেজাৰ টকা । ঋণ লৈ মাছমৰীয়াসকলে প্ৰস্তুত কৰিলে এই জাল । কিন্তু ইয়াৰ মাজতে মহলদাৰ উত্তম দাসে অবৈধভাৱে বিল এলেকাৰ বাহিৰৰ মানুহ ব্যৱহাৰ কৰি বিলখনত মাছ মৰা আৰম্ভ কৰে । তেওঁলোকে মাছ মৰাত ব্যৱহাৰ কৰিছে প্লাষ্টিকৰ নেট । যিটো মাছ মৰাত ব্যৱহাৰ কৰিবলৈ মানা কৰিছে মীন বিভাগে । মাছমৰীয়া ৰাইজে এই কথাত প্ৰতিবাদ কৰাৰ লগতে তেওঁলোকে মাছ মৰাৰ অধিকাৰ বিচাৰি মহলদাৰ উত্তম দাসক কোৱাত উত্তমে নিজৰ গুণ্ডা বাহিনী লগাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে এলেকাটোৰ মাছমৰীয়াসকলক ।

বঙাইগাঁও জিলাৰ ঐতিহাসিক তামৰঙা বিল

চৰকাৰী কৰ ফাঁকি মৰাৰ উদ্দেশ্যে বাহিৰা মানুহক লগাই প্লাষ্টিকৰ নেট ব্যৱহাৰ কৰি অধিক মুনাফা লুটাৰ উদ্দেশ্যে মহলদাৰ উত্তম দাসে এলেকাটোৰ মাছমৰীয়াক জীৱিকা অৰ্জনৰ পৰা বঞ্চিত কৰিছে । মন কৰিবলগীয়া যে এই মাছমৰীয়াসকল ঘিলাগুৰি গাঁও পঞ্চায়ত এলেকাৰ বাসিন্দা । ঘিলাগুৰি গাঁও পঞ্চায়ত আছে বিজেপিৰ দখলত । বিজেপি চৰকাৰে গাঁৱৰ দুখীয়া লোকৰ জীৱিকা নিশ্চিত কৰাৰ কথা দলটোৰ নেতাসকলে মেল-মিটিঙত টেটু ফালি ঘোষণা কৰিছে । কিন্তু ইয়াৰ সম্পূৰ্ণ ওলোটা ছবি দেখা গৈছে তামৰঙা বিলৰ মাছমৰীয়াৰসকলৰ ক্ষেত্ৰত ।

তামৰঙা বিলক লৈ মাছমৰীয়াৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চকু দিব নে এইসকল দুখীয়া মাছমৰীয়াৰ ৰাইজৰ ওপৰত? ল'ব নে বিলখনৰ মহলদাৰৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে? ঘূৰাই দিব পাৰিব নে এইসকল দুখীয়া মাছমৰীয়াৰ জীৱিকা?

লগতে পঢ়ক :জীয়াঢলৰ বানত সৰ্বস্বান্ত বন্যাৰ্তক লৈ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন

ABOUT THE AUTHOR

...view details