চিৰাং, 29 ডিচেম্বৰঃবঙাইগাঁৱৰ এখন বিশেষ গাঁও ৷ নাচনগুৰি গাঁৱখন নতুন চিনাকী কৃষিপ্ৰধান অঞ্চল হিচাপে ৷ গাঁওখনৰ প্ৰতিঘৰতে আছে এজনকৈ কৃষক ৷ জিলাখনৰ অধিকাংশ বজাৰত এইখন গাঁৱৰ পৰাই পাচলি যোগান ধৰে কৃষক সকলে ।
৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী নাচনগুৰিবাসী ৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী নাচনগুৰিবাসী যদিও গাঁৱখনৰ ৭০ শতাংশ লোক সংখ্যালঘু তাৰ পাচতো সকলোৱে একতাৰে মিলিজুলিয়ে কৃষি কামত নিয়োজিত হয় কৃষি কৰ্মত ৷ গাঁৱৰ ৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী । আই নৈপৰীয়া এই অঞ্চলটোৰ কৃষিজীৱি লোক সকলে নুবুজে কোনো ৰাজনীতি বা আন্দোলনৰ ভাষা ।
৯৯ শতাংশ লোকে কৃষি কৰ্মৰে স্বাৱলম্বী নাচনগুৰিবাসী দিনে নিশাই ব্যস্ত থাকে কৃষি কৰ্মত । কোনো ৰসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰাৰে কৃষকসকলে উৎপাদন কৰিছে কেইবা প্ৰকাৰৰ কবি , বেঙেনা, জলকীয়া, সৰিয়হ, আলু, লাউকে আদি কৰি বিভিন্ন শাক-পাচলি ৷ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা বাবেই সমগ্ৰ জিলাখনতে চাহিদা বহু বেছি পাঁচলিসমূহৰ ৷
আৰু পঢ়কঃ অমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে বঁটা