অসম

assam

ETV Bharat / state

শিক্ষকৰ ইচ্ছা অনুসৰি বন্ধ থাকে চৰাঞ্চলৰ একাংশ বিদ্যালয়!! - বঙাইগাঁও

চৰকাৰী বন্ধ নোহোৱাকৈ নিজৰ খেয়াল খুচি মতে একাংশ শিক্ষকে বন্ধ ৰাখে ভিতৰুৱা তথা চৰাঞ্চলৰ একাংশ চৰকাৰী বিদ্যালয় ৷ ধুবুৰীৰ সীমান্তৱৰ্তী বঙাইগাঁৱৰ বইটামাৰী শিক্ষা খণ্ডৰ সুতিৰমুখ শান্তিনগৰ প্ৰাথমিক বিদ্যালয় শুকুৰবাৰে অঘোষিতভাৱে বন্ধ ৰাখিলে বিদ্যালয়খনৰ শিক্ষকে ৷

বঙাইগাঁৱৰ বিদ্যালয় আজৱ কাণ্ড

By

Published : Nov 1, 2019, 11:25 PM IST

চিৰাং, 1 নৱেম্বৰঃৰাজ্যৰ শিক্ষা বিভাগত চলিছে আজৱ ঘটনা ৷ নিজৰ খেয়াল খুচিমতে বিদ্যালয় বন্ধ দিয়ে শিক্ষকে ৷ বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষা খণ্ডৰ একাংশ প্ৰাথমিক বিদ্যালয়ত ঘটিছে এই কাণ্ড । চৰকাৰী বন্ধ নোহোৱাকৈ নিজৰ খেয়াল খুচি মতে একাংশ শিক্ষকে বন্ধ ৰাখে ভিতৰুৱা তথা চৰাঞ্চলৰ একাংশ চৰকাৰী বিদ্যালয় ৷ ধুবুৰীৰ সীমান্তৱৰ্তী বঙাইগাঁৱৰ বইটামাৰী শিক্ষা খণ্ডৰ সুতিৰমুখ শান্তিনগৰ প্ৰাথমিক বিদ্যালয় শুকুৰবাৰে অঘোষিতভাৱে বন্ধ ৰাখিলে বিদ্যালয়খনত কৰ্মৰত শিক্ষকে । তিনিজন শিক্ষকৰ বিপৰীতে ছাত্ৰ-ছাত্ৰী শতাধিক ৷ প্ৰধান শিক্ষক অমৰ আলী আৰু সহযোগী দুই শিক্ষকৰ এজনো উপস্থিত নাই বিদ্যালয়ত । কি কাৰণত একেদিনাই তিনিজন শিক্ষক বিদ্যালয়ত উপস্থিত নাথাকিল সেয়া নাজানে ছাত্ৰ-ছাত্ৰী বা অভিভাৱক তথা স্থানীয় লোকে ৷

বঙাইগাঁৱৰ বিদ্যালয় আজৱ কাণ্ড


এয়া এটা উদাহৰণহে মাত্ৰ, এনেদৰে চলিছে ৰাজ্যৰ চৰাঞ্চলৰ একাংশ শিক্ষানুষ্ঠান । কাৰ আশীৰ্বাদ শিক্ষকসকলে বন্ধ ৰাখে সেয়া এক ডাঙৰ প্ৰশ্ন ৷ স্থানীয় ৰাইজৰ দাবী সমগ্ৰ বিষয়টো তদন্ত কৰি দোষী শিক্ষক সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে শিক্ষা বিভাগে ৷

ABOUT THE AUTHOR

...view details