চিৰাং, 14 মাৰ্চঃ বি টি চিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সকলো ৰাজনৈতিক দল সৰৱ হৈ পৰিছে বিটিচিত ৷ এইবাৰ বি টি চি নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব আৰ জে ডি (RJD) অৰ্থাৎ ৰাষ্ট্ৰীয় জনতা দলে ৷ বিটিচিৰ মুঠ ৪০ টা পৰিষদীয় সমষ্ঠিৰ কেইবাটাও বচা বচা সমষ্ঠিত প্ৰাৰ্থীত্বৰ দিয়াৰ পৰিকল্পনা কৰিছে দলটোৱে । শনিবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে দলটিৰ ৰাজ্যিক কমিটীয়ে । সংবাদমেলত ৰাষ্ট্ৰীয় জনতা দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক শ্যাম ৰাজ ৰাভাই কয় যে, বিটিচিৰ পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে প্ৰাৰ্থী সকলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদনৰ আহ্বান কৰে । বি টি চিৰ পৰিষদীয় নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণ কৰাৰ আহ্বান কৰে সম্পাদকজনে ।
বিটিচি নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব ৰাষ্ট্ৰীয় জনতা দলে - ৰাষ্ট্ৰীয় জনতা দল
বিটিচি নিৰ্বাচনত প্ৰাৰ্থী দিব ৰাষ্ট্ৰীয় জনতা দলে । প্ৰাৰ্থী সকলৰ আবেদন বিচাৰি ৰাজ্যিক সমিতিৰ সংবাদমেল বঙাইগাঁও প্ৰেছক্লাৱত ।
বিটিচি নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব আৰজেডি দলে
বিটিচিত কোনো দিনেই নাম নুশুনা এই ৰাষ্ট্ৰীয় জনতা দলে পৰিষদীয় নিৰ্বাচনত প্ৰতিদন্দিতাৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আবেদন বিচাৰি এই দৰেই সংবাদ মেল অনুষ্ঠিত কৰা পৰিলক্ষিত হয় । অন্যান্য ৰাজনৈতিক দলত প্ৰাৰ্থীত্ব প্ৰত্যাশি লোকৰ ভিৰ হোৱা পৰিলক্ষিত হয় । কিন্ত এই দলৰ ক্ষেত্ৰত দেখা গ'ল ব্যাতিক্ৰম ব্যৱস্থা ৷
আৰু পঢ়ক COVID-19 : কৰ'ণা ভাইৰাছক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱে : জনসম্পর্কৰক্ষী বিষয়া
Last Updated : Mar 14, 2020, 7:37 PM IST