অসম

assam

By

Published : Jun 15, 2020, 3:20 AM IST

ETV Bharat / state

বঙাইগাৱঁত গাওঁ পঞ্চায়তৰ সহযোগত নিৰ্মাণ কোৱাৰেন্টাইন কেন্দ্ৰ

বঙাইগাৱঁত গাৱঁবাসীয়ে মুলাগাওঁ গাওঁ পঞ্চায়তৰ সহযোগত সাজি উলিয়াইছে আটক-ধুনীয়া কোৱাৰেন্টাইন গৃহ ।

বঙাইগাৱঁত গাওঁ পঞ্চায়তৰ সহযোগত নিৰ্মাণ কোৱাৰেন্টাইন কেন্দ্ৰ
বঙাইগাৱঁত গাওঁ পঞ্চায়তৰ সহযোগত নিৰ্মাণ কোৱাৰেন্টাইন কেন্দ্ৰ

চিৰাং, 14 জুন : বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি, কোভিড-19 মহামাৰী যাতে বিয়পিব নোৱাৰে, তাৰ বাবে গাৱঁবাসীৰ সহযোগত বঙাইগাওঁ জিলা প্ৰশাসনে পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ আয়োজন কৰিছে । বিগত 4 মে'ৰ পৰা আন্তঃৰাজ্যিক পৰিৱহণ আৰু 12 মে'ৰ পৰা যাত্ৰীবাহী ৰেল চলাচল আৰম্ভ হোৱা হেতুকে প্ৰায় 3398 গৰাকী লোক আহি জিলাখনত উপস্থিত হয় ৷

গাৱঁবাসীয়ে নিৰ্মাণ কৰা কোৱাৰেন্টাইন কেন্দ্ৰ

ইয়াকে লৈ বঙাইগাওঁ জিলা প্ৰশাসনৰ 'মিলিজুলি' প্ৰকল্পৰ অধীনত আন ৰাজ্যৰ পৰা অহা লোকসকলক আছুতীয়াকৈ ৰাখিবলৈ চৰকাৰী সহায়ৰ উপৰিও নিজাকৈয়ো কোৱাৰেন্টাইন গৃহ সাজি উলিয়াইছে । বঙাইগাঁৱৰ মূলাগাওঁ গাওঁ পঞ্চায়তৰ সভাপতি আৰু গাঁৱবাসীৰ সহযোগত জেল্কাঝাৰ গাঁৱত 10 টা কোৱাৰেন্টাইন গৃহ সাজি উলিয়াইছে ৷ প্ৰতিটো কোৱাৰেন্টাইন গৃহতে পৃথক শৌচালয়, বিজুলী চাকি, পাংখা আৰু বিচনাৰ ব্যৱস্থা কৰা হৈছে । কোৱাৰেন্টাইন গৃহসমূহ দেওবাৰে জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

অসম চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী

গাওঁবাসীয়ে শ্ৰমদানৰ জৰিয়তে এই গৃহসমূহ সাজি উলিওৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে গাৱঁবাসীক সহৃদয়েৰে ধন্যবাদ জনায় । এইক্ষেত্ৰত গাৱঁবাসীয়ে জানিবলৈ দিয়ে যে, যিহেতু উভতি অহাসকল আমাৰ আপোন লোক, গতিকে তেওঁলোকৰ সুবিধাৰ বিষয়ে গুৰুত্ব দিয়াটো আমাৰ দ্বায়িত্ব । উল্লেখ্য যে, গাওঁবাসীয়ে ৰাতি গৃহসমূহ পহৰা দিয়াৰো ব্যৱস্থা কৰিছে ।

বঙাইগাওঁ জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়া

এই বিষয়ে বঙাইগাওঁ জিলা উপায়ুক্তই উল্লেখ কৰে যে, এই পদক্ষেপে জিলাখনৰ আন গাৱঁবোৰৰ বাবেও এক আৰ্হি স্থাপন কৰিব ৷ লগতে তেখেতে আন গাৱঁবোৰকো তেওঁলোকৰ নিজৰ মানুহবোৰক সুৰক্ষিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । জনসাধাৰণৰ অংশগ্ৰহনে কোভিড-19ৰ বিৰুদ্ধে কৰা এই যুঁজত প্ৰতিষেধকৰ ভূমিকা বহন কৰিব বুলি জিলা উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই উল্লেখ কৰে ৷

লগতে পঢ়কঃবঙাইগাঁৱৰ চাপাৰাকাটাত অঘটন, ৰাজপথত বাগৰি পৰিল গেছ ভৰ্তি টেংকাৰ

ABOUT THE AUTHOR

...view details