অসম

assam

ETV Bharat / state

বিজনীত ১৪০ বেগ বাৰ্মিজ চুপাৰি জব্দ বঙাইগাঁও আৰক্ষীৰ - বঙাইগাঁও আৰক্ষী

ৰাজ্যত এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেটৰাজ ৷ বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমামুৰীয়া অঞ্চল বিজনীৰ চৌৰাগুৰিত আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ৷ উক্ত অঞ্চলত বাৰ্মিজ চুপাৰীৰ আন্তৰ্জাতিক চোৰাং ব্যৱসায়ৰ সৈতে জড়িত এক চিণ্ডিকেট চক্ৰ বহু দিনৰ পৰা সক্ৰিয় হৈ আছিল ৷

বিজনীত ১৪০ বেগ বাৰ্মিজ চুপাৰি জব্দ বঙাইগাঁও আৰক্ষীৰ
বিজনীত ১৪০ বেগ বাৰ্মিজ চুপাৰি জব্দ বঙাইগাঁও আৰক্ষীৰ

By

Published : May 25, 2021, 9:35 PM IST

চিৰাং, 25 মে':ৰাজ্যত এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেটৰাজ ৷ বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমামূৰীয়া অঞ্চল বিজনীৰ চৌৰাগুৰিত আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ৷ উক্ত অঞ্চলত বাৰ্মিজ চুপাৰীৰ আন্তৰ্জাতিক চোৰাং ব্যৱসায়ৰ সৈতে জড়িত এক চিণ্ডিকেট চক্ৰ বহু দিনৰ পৰা সক্ৰিয় হৈ আছিল ৷

বিজনীত ১৪০ বেগ বাৰ্মিজ চুপাৰি জব্দ বঙাইগাঁও আৰক্ষীৰ

এই চিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে এক গোপন সূত্ৰৰ পম খেদি শ্বপন কুমাৰ সৰকাৰ নামৰ ব্যক্তি এজনৰ বাসগৃহৰ পৰা অবৈধ ভাৱে মজুত ৰখা তিনি ট্ৰাক অৰ্থাৎ প্ৰায় ১৪০ বেগ চুপাৰি জব্দ কৰে বঙাইগাঁও আৰক্ষীয়ে ৷ লগতে বাসগৃহটোত বাংলাদেশত নিৰ্মিত কেইবাটাও মৰাপাটেৰে তৈয়াৰী বস্তাও জব্দ কৰে আৰক্ষীয়ে।

বঙাইগাঁৱৰ আৰক্ষীৰ অধীক্ষক স্বপ্ননীল ডেকাই সদৰি কৰা মতে বৰ্তমান শ্বপন কুমাৰ সৰকাৰ ব্যক্তজন বৰ্তমান পলাতক অৱস্থাত আছে ৷ বাৰ্মিজখিনি মূল্যৰ 25 লাখ টকাৰ অধিক হ'ব ৷ এই বাৰ্মিজ চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে বুলিও সদৰি কৰে আৰক্ষীৰ অধীক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, দুদিন পুৰ্বে চিৰাং আৰক্ষীৰ অভিযানত বিজনীৰ কাৱাটিকাৰ পৰা প্ৰায় দহ কোটি টকাৰ বাৰ্মিজ চুপাৰি জব্দ কৰা হৈছিল ।

লগতে পঢ়ক:এসপ্তাহত 18 টা ড্ৰাগছ বিৰোধী অভিযান আনন্দ মিশ্ৰৰ

ABOUT THE AUTHOR

...view details