চিৰাং, 6 চেপ্টেম্বৰঃ 'অসমত খাদী বস্ত্ৰৰ চাহিদা বৃদ্ধি পাইছে ৷ গুৱাহাটীত মুকলি কৰা হ'ব বস্ত্ৰ হাট ৷' বঙাইগাঁৱত দহদিনীয়া খাদী বস্ত্ৰ মেলা উদ্বোধন কৰি এই মন্তব্য খাদী বোৰ্ডৰ অধ্যক্ষ ড৹ কমলা কলিতাৰ ৷ অসমৰ শিপিনীৰ দ্বাৰা উৎপাদিত বস্ত্ৰ বিক্ৰী কেন্দ্ৰৰ জৰিয়তে শিপিনী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ হেঙেৰাবাৰীত খাদী বস্ত্ৰৰ বজাৰ গঢ়ি তোলা হ'ব । শুকুৰবাৰে বঙাইগাঁও চহৰৰ গান্ধী মৈদানত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু উত্তৰ পূৰ্বাঞ্চল গ্ৰামোদ্যোগ মহাসংঘৰ সহযোগত দহ দিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পি এম ই জি পি খাদীৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলা উদ্বোধন কৰি তেওঁ কয়, জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে খাদী উদ্যোগ গঢ়ি তোলাৰ উদ্দেশ্যে নতুন যুৱ ছামক জড়িত কৰি দেশ তথা ৰাজ্যৰ বস্ত্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী কৰা আৰু অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে ৷
গুৱাহাটীত মুকলি হ'ব 'বস্ত্ৰ হাট' - bongaigaon
অসমৰ শিপিনীৰ দ্বাৰা উৎপাদিত বস্ত্ৰ বিক্ৰী কেন্দ্ৰৰ জৰিয়তে শিপিনী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ হেঙেৰাবাৰীত খাদী বস্ত্ৰৰ বজাৰ গঢ়ি তোলা হ'ব ৷
গুৱাহাটীত মুকলি হ'ব 'বস্ত্ৰ হাট'
অনুষ্ঠানত গুৱাহাটীৰ সমাজকৰ্মী অৰূপ পাঠক, বঙাইগাঁও জিলাৰ উপাযুক্ত আদিল খান, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৷