অসম

assam

By

Published : Jun 19, 2019, 3:48 PM IST

ETV Bharat / state

আৰ টি আই কৰাৰ বাবে বাতিল হ'ল দোকানৰ পঞ্জীয়ন !

ৰাজহুৱা যোগান ব্যৱস্থাত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য বিচাৰি অখিল চন্দ্ৰ ৰায়ে আৰ টি আই কৰাৰ বাবেই আক্ৰোশমূলকভাৱে বানী ৰায়ৰ নামত থকা সুলভ মূল্যৰ দোকানৰ পঞ্জীয়ন কৰ্তন কৰি যোগান বিভাগে অন্য লোকৰ নামত সংযোগ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে অখিল চন্দ্ৰ ৰায়ে ।

ৰাজহুৱা যোগান ব্যৱস্থাৰ বিতৰনৰ সুলভ মূল্যৰৰ দোকানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বঙাইগাঁও, 19 জুনঃযোগান মন্ত্ৰীৰ গৃহ চহৰ বঙাইগাঁওত ৰাজহুৱা যোগান ব্যৱস্থাত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ দুৰ্নীতিৰ তথ্য বিচাৰি আৰ টি আই কৰাৰ বাবেই সুলভ মূল্যৰ দোকানৰ পঞ্জীয়ন কৰ্তন ৷ সুলভ মুল্যৰ দোকানী এজনে সংবাদ মেল যোগে ৰাজহুৱা কৰে এই দুৰ্নীতিৰ তথ্য৷ বুধবাৰে বঙাইগাঁও প্ৰেচ ক্লাৱত আয়োজিত এক সংবাদ মেলত সুলভ মূল্যৰ দোকানী অখিল চন্দ্ৰ ৰায় আৰু কন্যা সোমা ৰায়ে সুলভ মূল্যৰ দোকানীসকলৰ ভিতৰচ'ৰাত চলি থকা দুৰ্নীতিৰ বহু তথ্য ৰাজহুৱা কৰে ।

ৰাজহুৱা যোগান ব্যৱস্থাৰ বিতৰনৰ সুলভ মূল্যৰৰ দোকানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ৰাজহুৱা যোগান ব্যৱস্থাত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য বিচাৰি অখিল চন্দ্ৰ ৰায়ে আৰ টি আই কৰাৰ বাবেই আক্ৰোশমূলকভাৱে বানী ৰায়ৰ নামত থকা সুলভ মূল্যৰ দোকানৰ পঞ্জীয়ন কৰ্তন কৰি যোগান বিভাগে অন্য লোকৰ নামত সংযোগ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে অখিল চন্দ্ৰ ৰায়ে । বঙাইগাঁৱৰ চাৰিখন সুলভ মূল্যৰ দোকান অবৈধ ভাৱে বিক্ৰী কৰি অন্য লোকৰ নামত নতুনকৈ পঞ্জীয়ন কৰাৰো অভিযোগ উঠাইছে অখিল চন্দ্ৰ ৰায়ে । বৰ্তমান ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে অখিল চন্দ্ৰ ৰায়ৰ পৰিয়ালে৷

ABOUT THE AUTHOR

...view details