বঙাইগাঁও, 22 আগষ্টঃ বঙাইগাঁও হোটেল কনিষ্কৰ ওচৰত অঘটন৷ ষাঁড় গৰুৰ আক্ৰমণত বৃহস্পতিবাৰে বিয়লি মৃত্যু হয় বঙাইগাঁও পলিটেকনিকৰ প্ৰাক্তন অধ্যাপক ৰতন চক্ৰৱৰ্তীৰ । গুৱাহাটীৰ বাসিন্দা চক্ৰৱৰ্তী পেঞ্চনৰ কামত আহিছিল বঙাইগাঁৱলৈ ৷ কিন্তু পেঞ্চনৰ বিপৰীতে মৃত্যুক হে সাৱতিলে প্ৰাক্তন অধ্যাপকগৰাকীয়ে৷
উন্মাদ ষাঁড় গৰুৰ আক্ৰমণত নিহত প্ৰাক্তন অধ্যাপক
বঙাইগাঁও চহৰত ষাঁড় গৰুৰ সন্ত্ৰাস ৷ উন্মাদ ষাঁড়ৰ আক্ৰমণত নিহত পলিটেকনিকৰ প্ৰাক্তন অধ্যাপক ।
উন্মত্ত ষাঁড় গৰুৰ আক্ৰমণত নিহত প্ৰাক্তন অধ্যাপক
উল্লেখ্য যে, বহুদিনৰ পৰাই ষাঁড়গৰুটো চহৰৰ পৰা আঁতৰাই নিয়াৰ বাবে বঙাইগাঁও পৌৰসভাক দাবী জনাইছিল স্থানীয় ৰাইজে৷ কিন্তু পৌৰসভাই কোনো গুৰুত্ব নিদিয়াত পুনৰ এজন লোকে প্ৰাণ হেৰুৱায় ষাঁড়গৰুৰ আক্ৰমণত। আনহাতে পৌৰ সভাৰ ভূমিকাত অসন্তুষ্ট হৈ ক্ষোভিত ৰাইজে ষাঁড় গৰু নিয়ন্ত্ৰণৰ দাবীত পথ অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷
Last Updated : Aug 22, 2019, 7:27 PM IST